
সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই দৃশ্যই চকিত কৰিব আপোনাকো।
সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই দৃশ্যই চকিত কৰিব আপোনাকো।
লক্ষ্ণৌঃ নদৰ্মা নিষ্কাষণৰ পুতৌজনক অৱস্থা ফুটপাথৰ দুৰৱস্থাৰ কাৰণে সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনা। বাৰিষাৰ বতৰত চৌদিশে একেই দৃশ্য। উত্তৰ প্ৰদেশৰ আলিগড়ত এজাক বৰষুণৰ পিছত উফন্দি উঠা নলাত সংঘটিত হৈছে এক দুৰ্ঘটনা। সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই দৃশ্যই চকিত কৰিব আপোনাকো।
ভিডিওটো লক্ষ্ণৌৰ ৰামঘাট ৰোডৰ। ভিডিওটোত দেখুৱা অনুসৰি এজন স্কুটি আৰোহী আৰক্ষী আৰু তেওঁৰ পত্নী নলাত হঠাৎ সোমাই পৰে। দৰাচলতে পানী জমা হৈ থকাৰ বাবে ৰাস্তাত থকা নলাটো ধৰিব নোৱাৰে আৰক্ষী কৰ্মীজনে। ফলত নিয়ন্ত্ৰণ হেৰুৱাই সপত্নীক নলাত সোমাই পৰে আৰক্ষীজন। দুৰ্ঘটনাটোত দম্পতীহাল গুৰুতৰভাৱে আহত হৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই ঘটনাৰ ভিডিঅ’।
স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি আৰক্ষী জোৱান দয়ানন্দ সিং আত্ৰীয়ে তেওঁৰ পত্নী অঞ্জুক চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল। এই সময়ছোৱাত এই দুৰ্ঘটনা সংঘটিত হয়। দম্পতীহাল নলাত পৰি থকা দেখি স্থানীয় লোক আৰু ব্যৱসায়ীসকল গোট খাই খৰখেদাকৈ দম্পতীহালক উলিয়াই আনিলে। প্ৰত্যক্ষদৰ্শীৰ অভিযোগ এই নলাটোত আগতেও বহু ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|