মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Viral Video: পৰকীয়া প্ৰেমত লিপ্ত স্বামী, হাতে–লোটে ধৰিলে পত্নীয়ে, তাৰ পিছত কি হ’ল চাওক ভিডিঅ’ত

Viral Video: পৰকীয়া প্ৰেমত লিপ্ত স্বামী, হাতে–লোটে ধৰিলে পত্নীয়ে, তাৰ পিছত কি হ’ল চাওক ভিডিঅ’ত

News18 Assam | News18-Assam
Updated:August 16, 2021, 6:30 PM IST
Viral Video: পৰকীয়া প্ৰেমত লিপ্ত স্বামী, হাতে–লোটে ধৰিলে পত্নীয়ে, তাৰ পিছত কি হ’ল চাওক ভিডিঅ’ত
স্বামীয়ে নিজৰ প্ৰেমিকাক বচাবলৈ চেষ্টা কৰিও ব্যৰ্থ হয়। এই ভিডিঅ’ ভাইৰেল হ’বলৈ বেছি সময় নালাগিল।

স্বামীয়ে নিজৰ প্ৰেমিকাক বচাবলৈ চেষ্টা কৰিও ব্যৰ্থ হয়। এই ভিডিঅ’ ভাইৰেল হ’বলৈ বেছি সময় নালাগিল।

  • Share this:
ছচিয়েল মিডিয়াত বহু ভিডিঅ’ প্ৰতিদিনে ভাইৰেল হয়। যাক লৈ তোলপাৰো লাগে ছচিয়েল মিডিয়াত। কিছু ভিডিঅ’ খুবেই আমোদজনক। আকৌ কিছুমান খুব সাংঘাতিক। যিবোৰ দেখি ভয়ত শিয়ৰি উঠিবলগীয়া হয়। সম্প্ৰতি ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে ‘পতি–পত্নী ঔৰ অ’হ’ৰ ঘটনাৰ ভিডিঅ’। হয় ঠিকেই ধৰিছে, পৰকীয়া প্ৰেমত লিপ্ত স্বামীক হাতে–লোটে ধৰিলে পত্নীয়ে।

তাৰ পিছত যি হ’বলগীয়া আছিল সেয়াই হ’ল। বহি নাথাকিল পত্নী। স্বামীৰ প্ৰেমিকাক ধৰি আৰম্ভ কৰিলে মাৰপিট। বলীউদৰ কোনো ছবিৰ দৃশ্যতকৈ কোনোগুণে কম নহয় এই ভিডিঅ’। স্বামীয়ে বহু বুজোৱাৰ চেষ্টা কৰিলেও কোনো কথাই নুশুনে পত্নীয়ে।










View this post on Instagram






A post shared by GiDDa CoMpAnY -mEmE pAgE- (@giedde)




ঘটনাটো ঔৰংগাবাদৰ বুলি জানিব পৰা গৈছে। গাড়ী পাৰ্ক কৰা আছিল। সেই সময়তে প্ৰেমিকাৰ সৈতে স্বামীক হাতে–লোটে ধৰা পেলায় পত্নীয়ে। স্বামীয়ে নিজৰ প্ৰেমিকাক বচাবলৈ চেষ্টা কৰিও ব্যৰ্থ হয়। এই ভিডিঅ’ ভাইৰেল হ’বলৈ বেছি সময় নালাগিল।
Published by: Sanjay Kumar Das
First published: August 16, 2021, 6:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি