• Home
  • »
  • News
  • »
  • nation
  • »
  • Viral Video| ‘ভূতে চলাইছে গাড়ী!’ ড্ৰাইভাৰৰ ছিটত কোনো নাই, গাড়ী আৰামত গৈ আছে, চাওক ভিডিও

Viral Video| ‘ভূতে চলাইছে গাড়ী!’ ড্ৰাইভাৰৰ ছিটত কোনো নাই, গাড়ী আৰামত গৈ আছে, চাওক ভিডিও

ফেচবুকত এই ভিডিওটো এতিয়া বাৰুকৈ ভাইৰেল হৈ পৰিছে।

ফেচবুকত এই ভিডিওটো এতিয়া বাৰুকৈ ভাইৰেল হৈ পৰিছে।

ফেচবুকত এই ভিডিওটো এতিয়া বাৰুকৈ ভাইৰেল হৈ পৰিছে।

  • Share this:
চেন্নাই:‌ অট’মেটিক গাড়ীক লৈ এতিয়া সমগ্ৰ বিশ্বতে গৱেষণা চলি আছে। ড্রাইভাৰ নোহোৱাকৈ যে গাড়ী চলাব পাৰি বা ড্ৰাইভাৰ বিহীন গাড়ীও থাকিব পাৰে সেয়া দেখুৱাইছে টেছলাই। কিন্তু আগৰ গাড়ীসমূহত ক’ত এই প্ৰযুক্তি আছিল! এনে সময়তে তামিলনাড়ুৰ এটা ভিডিও সন্মুখলৈ আহিছে য’ত দেখা গৈছে এজন ড্ৰাইভাৰৰ কাষৰ ছীটত মহা আৰামত এজন ব্যক্তি বহি আছে। ড্ৰাইভাৰৰ ছীটত কোনো নাই। কিন্তু গাড়ী চলি গৈ আছে।

ফিয়াটৰ প্রীমিয়াৰ পদ্মিনী গাড়ীখন পথেৰে গৈ আছিল কিন্তু ষ্টিয়েৰিঙত কোনো নাছিল। গাড়ীত মাত্র এজন যাত্রী আছিল। তেওঁ ড্রাইভাৰ কাষৰ ছীটত বহিছিল। ভিডিওটি দেখিলে ধাৰণা কৰিব পাৰি যে হয়তো কোনো এজনে গাড়ীখন পিছফালৰ পৰা ঠেলি নিছে। কিন্তু স্পষ্ট নহয়। গতিকে ফেচবুকত দিয়াৰ পিছতে ভিডিও ভাইৰেল।



ফেচবুকত ভিডিওটো শ্বেয়াৰ কৰাৰ লগে লগে বিভিন্নজনে বিভিন্ন কথা লিখে। কোনোবাই কৈছে ড্ৰাইভাৰৰ কাষৰ আসনত বহাজনেই আচলতে গাড়ীখন চলাই গৈছে। কোনোবাই কৈছে এনেকৈ গাড়ী চলোৱা আগতেও দেখিছে। কোনোবাই সুধিছে ভূতে চলাইছে নে কি? মুঠতে নানা মত।
First published: