Video:সভাপতি পদ ত্যাগ কৰাৰ পিছত এতিয়া অৱসৰ বিনোদনত ব্যস্ত ৰাহুল গান্ধী! উপভোগ কৰিলে এইখন চিনেমা

News18-Assam
Updated:July 4, 2019, 7:05 PM IST
Video:সভাপতি পদ ত্যাগ কৰাৰ পিছত এতিয়া অৱসৰ বিনোদনত ব্যস্ত ৰাহুল গান্ধী! উপভোগ কৰিলে এইখন চিনেমা
উপভোগ কৰিলে দিল্লীৰ চানক্যপথৰ PVR চিনেমা গৃহত নতুন ছবি।ছচিয়েল মিডিয়াত ভাইৰেল

উপভোগ কৰিলে দিল্লীৰ চানক্যপথৰ PVR চিনেমা গৃহত নতুন ছবি।ছচিয়েল মিডিয়াত ভাইৰেল

  • Share this:
ছচিয়েল মিডিয়াত আকৌ চৰ্চালৈ আহিছে ৰাহুল গান্ধী। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীৰ এটা শেহতীয়া ভিডিঅ’ ব্যাপক ভাবে ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ৰাহুল গান্ধী এতিয়া ফ্ৰী! বুধবাৰে ৰাহুল গান্ধীয়ে দিল্লীৰ চানক্যপথত থকা PVR চিনেমা গৃহত উপভোগ কৰিলে বলীউডৰ সদ্যমুক্তি প্ৰাপ্ত ছবি Article 15।



 





View this post on Instagram




 

One of our followers captured #rahulgandhi at pvr chanakya in Delhi yesterday. He was watching #Article15 #viralbhayani @viralbhayani 🎥 @mountaingirl_04


A post shared by Viral Bhayani (@viralbhayani) on




ইতিমধ্যে কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে ৰাহুল গান্ধীয়ে। লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পদত্যাগৰ দায়িত্ব কান্ধ পাতি লৈ ৰাহুল গান্ধীয়ে টুইটাৰৰ জৰিয়তে আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। চৰ্চা অনুসৰি দলৰ জ্যেষ্ঠ নেতা মতিলাল বহৰাই অন্তৰ্ৱতীকালীন অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে। অৱশ্যে দলৰ তৰফৰ পৰা কোনো তথ্য এইপৰ্যন্ত সদৰি কৰা নাই কংগ্ৰেছে।
First published: July 4, 2019, 6:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি