• Home
  • »
  • News
  • »
  • nation
  • »
  • নিষ্ঠুৰ! ৩ বছৰীয়া সন্তানক নিৰ্মমভাৱে প্ৰহাৰ পাষাণ হৃদয়ৰ মাতৃৰ, ভিডিঅ’ দেখিলে বুকু বিষাই যাব আপোনাৰ

নিষ্ঠুৰ! ৩ বছৰীয়া সন্তানক নিৰ্মমভাৱে প্ৰহাৰ পাষাণ হৃদয়ৰ মাতৃৰ, ভিডিঅ’ দেখিলে বুকু বিষাই যাব আপোনাৰ

ভিডিঅ’টো ভাৰতৰ কোনো বস্তি অঞ্চলৰ বুলি ধাৰণা কৰা হৈছে। মহিলাগৰাকীয়ে বহু সময় ধৰি শিশুটিক প্ৰহাৰ কৰাৰ লগতে ডিঙিত ভৰিৰে গচকি ধৰা দেখা গৈছে।

  • Share this:
এটা নিৰ্মম ভিডিঅ’। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’টো। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে এগৰাকী মহিলাই নিজৰ তিনি বছৰীয়া সন্তানক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। শিশুটিক হাতেৰে প্ৰহাৰ কৰাৰ লগতে ঠেকেচিছে মহিলাগৰাকীয়ে। শিশুটিয়ে চিঞৰি চিঞৰি কান্দিছে। কিন্তু আচৰিত কথাটো হ’ল মহিলাগৰাকীৰ এই নিষ্ঠুৰ অত্যাচাৰ দেখিও নীৰৱ দৰ্শক হৈ থাকিল বহু লোক। সকলোৱে কেৱল চাই আছে শিশুটিক কৰা এই অত্যাচাৰ।

এই ঘটনাটো টুইটাৰত শ্বেয়াৰ কৰিছে ছত্তীশগড় কেডাৰৰ ২০০৯ বেটছৰ আই এ এছ বিষয়া অৱনীশ শৰণে। শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰে ভিডিঅ’টো।

ভিডিঅ’টো ভাৰতৰ কোনো বস্তি অঞ্চলৰ বুলি ধাৰণা কৰা হৈছে। মহিলাগৰাকীয়ে বহু সময় ধৰি শিশুটিক প্ৰহাৰ কৰাৰ লগতে ডিঙিত ভৰিৰে গচকি ধৰা দেখা গৈছে। শেষত মাটিত বহি পৰা মহিলাগৰাকীক এজন লোকে গৈ মুখত চেণ্ডেলেৰে চৰ শোধোৱা দেখা গৈছে। এই ঘটনাৰ পিছতে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয় বুলি জানিব পৰা গৈছে।

ছচিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হৈ পৰাত বিভিন্নজনে সমালোচনা কৰিছে মহিলাগৰাকীক। এগৰাকী মাতৃ হৈ নিজৰ কণমানি সন্তাক এনেদৰে নিষ্ঠুৰভাৱে প্ৰহাৰ কৰা ঘটনাক নিন্দা কৰিছে বিভিন্নজনে।
Published by:Sanjay Kumar Das
First published: