জন্ম আৰু মৃত্যু চিৰন্তন সত্য। তাৰ লগতে সত্য হ’ল জীৱদেহ। কিন্তু ভগৱানে কাক কি ৰূপত জন্ম দিয়ে কোনেও নাজানে। বিজ্ঞানে যিমানেই ৰহস্য উন্মোচন নকৰক কিয় প্ৰকৃতিয়ে বাৰে বাৰে ফাঁকি দিয়ে। সেয়ে আজিও বহু আজৱ ঘটনাৰ সাক্ষী হ’বলগীয়া হয় আমি। কেতিয়াবা যদি অদ্ভুত ধৰণৰ মানৱ শিশুৰ জন্ম হয়, কেতিয়াবা আকৌ অদ্ভুক আকৃতিৰ প্ৰাণীও জন্ম হয়। তেনেই এক ঘটনা সম্প্ৰতি ভাইৰেল হৈছে।
মধ্য প্ৰদেশৰ এটি ছাগলী পোৱালি বৰ্তমান ভাইৰেল ছচিয়েল মিডিয়াত। ভাইৰেল হৈছে ভিডিঅ’। বিকৃত শৰীৰ লৈ জন্ম লোৱা এই ছাগলী পোৱালিটোৰ মুখাবয়ব বিশেষ চকুৰ গঠন বহু পৰিমাণে প্ৰাপ্তবয়স্ক মানুহৰ দৰে। জানিব পৰা মতে, মধ্য প্ৰদেশৰ বিদিশা জিলাৰ সিৰঞ্জ তহছিলৰ ছেমাল খেদি গাঁৱত এই পোৱালিটোৰ জন্ম হৈছে।
ডেইলী ষ্টাৰৰ মতে, ছাগলী পোৱালিটোৰ মুখাবয়ব মানুহৰ সৈতে মিল থকাত প্ৰথমে হতবাক হৈ পৰে অঞ্চলটোৰ বাসিন্দাসকল। ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে, ছাগলীটোৰ চকু বহু পৰিমাণে মানুহৰ দৰে। আনকি মুখগহ্বৰো সাধাৰণ ছাগলীৰ আকৃতিৰ সৈতে নিমিলে। নাকো বহু পৰিমাণে মানুহৰ দৰেই। চকুৰ চাৰিওফালে এটা ক’লা বলয় দেখা গৈছে। যেন চশমাৰ দৰে।
টুইটাৰত ভাইৰেল হোৱা ভিডিঅ’টোত একাংশ লোকে চিৰিঞ্জেৰে পোৱালিটোক গাখীৰ খুওৱা দেখা গৈছে। এনে ধৰণৰ ছাগলী পোৱালি জন্ম হোৱাক লৈ অঞ্চলটোত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|