• Home
  • »
  • News
  • »
  • nation
  • »
  • Viral Video : টয়লেটৰ মজিয়াত খাদ্য পৰিৱেশন কাবাদী খেলুৱৈক, ভাইৰেল ভিডিঅ’ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া আদিত্য যোগীৰ উত্তৰ প্ৰদেশত

Viral Video : টয়লেটৰ মজিয়াত খাদ্য পৰিৱেশন কাবাদী খেলুৱৈক, ভাইৰেল ভিডিঅ’ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া আদিত্য যোগীৰ উত্তৰ প্ৰদেশত

ঘটনাৰ বিষয়ে জানিব পাৰি ৰাজ্য চৰকাৰে ইয়াৰ তদন্তৰ নিৰ্দেশ দিছে।

ঘটনাৰ বিষয়ে জানিব পাৰি ৰাজ্য চৰকাৰে ইয়াৰ তদন্তৰ নিৰ্দেশ দিছে।

ঘটনাৰ বিষয়ে জানিব পাৰি ৰাজ্য চৰকাৰে ইয়াৰ তদন্তৰ নিৰ্দেশ দিছে।

  • Share this:
উত্তৰ প্ৰদেশৰ এটা ভিডিঅ', যি সম্প্ৰতি হৈছে ভাইৰেল। ৰাজ্যখনক লজ্জানত কৰা এই ভিডিঅ'ত দেখা গৈছে এটা টয়লেটৰ ভিতৰত ভাত আৰু তৰকাৰী বিতৰণ কৰা। বিতৰণ কৰা হৈছে কাবাদী খেলুৱৈক।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, যোৱা ১৬ ছেপ্টেম্বৰত শ্বাহৰণপুৰত ১৭ বছৰ অনূৰ্ধ্ব ছোৱালীৰ কাবাদী প্ৰতিযোগিতাৰ সময়ত এই ভিডিঅ’টো ৰেকৰ্ড কৰা হৈছিল।

ভিডিঅ’টোত কেইবাগৰাকীও ছোৱালীক টয়লেটৰ কোঠাটোত পাত্ৰৰ পৰা ভাত তথা খাদ্যসামগ্ৰী (Lunch in toilet)  কাঁহীত দি থকা দেখা গৈছিল। ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত এতিয়া উত্তৰ প্ৰদেশত হুলস্থূলৰ সৃষ্টি হৈছে। নেটত এই দৃশ্য থকা একাধিক ভিডিঅ' বিয়পি পৰাত ৰাজ্যত তুমুল বিতৰ্ক আৰম্ভ হৈছে।

ঘটনাৰ বিষয়ে জানিব পাৰি ৰাজ্য চৰকাৰে ইয়াৰ তদন্তৰ নিৰ্দেশ দিছে। শ্বাহৰণপুৰৰ ক্ৰীড়া বিষয়া অনিমেশ ছাক্সেনাই দাবী কৰা মতে, স্থানৰ বাবে খাদ্যখিনি চেঞ্জিং ৰুমত ৰখা হৈছে।





তেওঁ কয়– “বাথৰুমত খাদ্য ৰখা হোৱা নাছিল। ছুইমিং পুলৰ ওচৰতে আমি খাদ্যৰ ব্যৱস্থা কৰিলোঁ। বৰষুণৰ বাবে ছুইমিং পুলৰ ওচৰৰ চেঞ্জিং ৰুমত খাদ্য ৰখা হৈছিল। ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম চলি আছে। বৰষুণৰ বাবে আন ঠাইত খাদ্য ৰাখিবলৈ ঠাই নাছিল।'' চৰকাৰে ইতিমধ্যে তেওঁক নিলম্বন কৰা বুলি জানিব পৰা গৈছে।
Published by:Gautam Barman
First published: