• Home
  • »
  • News
  • »
  • nation
  • »
  • Viral Video | Najrul Mancha KK Show: ব্যাপক ভিৰৰ মাজতে বিয়পি পৰিছিল অগ্নিনিৰ্বাপক গেছ! তাৰ ফলতে অসুস্থ হৈ পৰিছিল নেকি কেকে? ভাইৰেল ভিডিঅ’ দেখি উঠিছে প্ৰশ্ন!

Viral Video | Najrul Mancha KK Show: ব্যাপক ভিৰৰ মাজতে বিয়পি পৰিছিল অগ্নিনিৰ্বাপক গেছ! তাৰ ফলতে অসুস্থ হৈ পৰিছিল নেকি কেকে? ভাইৰেল ভিডিঅ’ দেখি উঠিছে প্ৰশ্ন!

ফেচবুকত আপলোড কৰা এটা ভিডিঅ’ত দেখা গৈছে, ব্যাপক ভিৰৰ মাজত মঞ্চত যেতিয়া কেকেই গান গাই আছিল, সেই সময়তে অগ্নিনিৰ্বাপক গেছ স্প্ৰে কৰা হয়।

ফেচবুকত আপলোড কৰা এটা ভিডিঅ’ত দেখা গৈছে, ব্যাপক ভিৰৰ মাজত মঞ্চত যেতিয়া কেকেই গান গাই আছিল, সেই সময়তে অগ্নিনিৰ্বাপক গেছ স্প্ৰে কৰা হয়।

ফেচবুকত আপলোড কৰা এটা ভিডিঅ’ত দেখা গৈছে, ব্যাপক ভিৰৰ মাজত মঞ্চত যেতিয়া কেকেই গান গাই আছিল, সেই সময়তে অগ্নিনিৰ্বাপক গেছ স্প্ৰে কৰা হয়।

  • Share this:
মঙলবাৰে নিশা কলকাতাত সংঘটিত এক ঘটনাই কঁপাই তুলিলে সমগ্ৰ দেশ। নজৰুল মঞ্চত গীত পৰিৱেশন কৰিবলৈ আহি চিৰবিদায় ল’লে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। মুহূৰ্ততে সংগীতৰ জগতখনলৈ শোকৰ ছাঁ নামি আহে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, শ্ব’ৰ পিছত হোটেললৈ উভতি অহাৰ পিছত হঠাতে কে কে অসুস্থ হৈ পৰে আৰু পিছত চিকিৎসালয়ত তেওঁক মৃত বুলি ঘোষণা কৰা হয়। কিন্তু কিয় এনেকুৱা হ’ল? তেওঁৰ মৃত্যুৰ আঁৰত আন কিবা ৰহস্য আছে নেকি?

ফেচবুকত আপলোড কৰা এটা ভিডিঅ’ত দেখা গৈছে, ব্যাপক ভিৰৰ মাজত মঞ্চত যেতিয়া কেকেই গান গাই আছিল, সেই সময়তে অগ্নিনিৰ্বাপক গেছ স্প্ৰে কৰা হয়। প্ৰশ্ন হয়, কে কে অসুস্থ হোৱাৰ কাৰণ এইটোৱেই নেকি?

কেকেৰ মৃত্যুক লৈ নিউ মাৰ্কেট আৰক্ষীয়ে অস্বাভাৱিক মৃত্যুৰ গোচৰ তৰিছে। তদন্ত আৰম্ভ হৈছে। তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। যদিও প্ৰথম অৱস্থাত জনা গৈছিল যে ৫৩ বছৰীয়া শিল্পীগৰাকীৰ হাৰ্ট এটেকত মৃত্যু হৈছিল। কিন্তু ইয়াৰ বিষয়ে স্পষ্টকৈ একো ক’ব নোৱাৰি।ইয়াৰ মাজতে ফেচবুকত ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে যে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে অগ্নিনিৰ্বাপক যন্ত্ৰ অন কৰি তাৰ পৰা গেছ বিয়পাই দিয়া হৈছিল। ফলত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, এই গেছৰ বাবেই সংগীতজ্ঞজন অসুস্থ হৈ পৰিছিল নেকি?

ৰহস্য ইমানতে অন্ত পৰা নাই, নজৰুল মঞ্চ কৰ্তৃপক্ষৰ গাফিলতিৰ বিষয়টো আৰু কেইবাটাও ভিডিঅ’ পোষ্ট কৰি চৰ্চালৈ অনা হয়। ভিডিঅ’টোত কেকেক বাৰে বাৰে টাৱেলেৰে ঘাম মচি থকা দেখা গৈছে, আনকি মঞ্চত স্পটলাইট বন্ধ কৰিবলৈও কোৱা হৈছে। শ্ব’ শেষ হোৱাৰ পিছত কেকে মঞ্চৰ পৰা ওলাই অহাৰ সময়ত তেওঁৰ চকুত এক অস্বস্তিৰ চাৱনি দেখা গৈছিল। একাংশৰ ধাৰণা, মঞ্চত পৰিবেশনৰ সময়ত কণ্ঠশিল্পীগৰাকী অসুস্থ হৈ পৰিছিল। আন এটা ভিডিঅ’তো জানিব পৰা গৈছে যে অসুস্থ হোৱাৰ লগে লগে তেওঁক হোটেললৈ লৈ যোৱা হৈছিল।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, অনুষ্ঠানৰ অন্তত হোটেললৈ উভতি অহাৰ পিছত কেকেৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে। ততাতৈয়াকৈ তেওঁক চি এম আৰ আই হাস্পতাললৈ প্ৰেৰণ কৰা হয় য’ত তেওঁক মৃত ঘোষণা কৰা হয়।
Published by:Sanjay Kumar Das
First published: