• Home
  • »
  • News
  • »
  • nation
  • »
  • Video: বিস্ময়কৰ ভিডিঅ'! দাওদাওকৈ জ্বলি থকা বিবাহমণ্ডপত অতিথিয়ে লৈ থাকিল খাদ্যৰ জুতি

Video: বিস্ময়কৰ ভিডিঅ'! দাওদাওকৈ জ্বলি থকা বিবাহমণ্ডপত অতিথিয়ে লৈ থাকিল খাদ্যৰ জুতি

ইমান বিধ্বংসী অগ্নিকাণ্ডতো  অতিথিয়ে খাদ্যৰ জুতি লোৱা ঘটনাই সকলোৰে চকু কপালত তোলে।

ইমান বিধ্বংসী অগ্নিকাণ্ডতো  অতিথিয়ে খাদ্যৰ জুতি লোৱা ঘটনাই সকলোৰে চকু কপালত তোলে।

ইমান বিধ্বংসী অগ্নিকাণ্ডতো  অতিথিয়ে খাদ্যৰ জুতি লোৱা ঘটনাই সকলোৰে চকু কপালত তোলে।

  • Share this:
এতিয়া চলি আছে বিবাহ (Marriage)ৰ বতৰ। দুবছৰ কোৰোনা (Corona Infection)ৰ পিছত এতিয়া বিবাহৰ জাকজমকতা প্ৰায় সকলোতে দেখা গৈছে। ইয়াৰ মাজতে এখন বিয়া হৈছে ভাইৰেল। কিয়নো বিয়াৰ পেণ্ডেলত (Fire in wedding halls) জুই লগাৰ পিছতো অতিথিক দেখা গৈছে বিবাহৰ আনন্দ উপভোগৰ মাজত।

তেনে এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে (Mumbai Fire Viral Video), য'ত বিয়াৰ পেণ্ডেলটো ধোঁৱাৰে জ্বলি থকা দেখা গৈছে আৰু অতিথিসকলে খাদ্য খোৱাত ব্যস্ত। তেওঁলোক ইমানে ব্যস্ত যে জুইৰ বিষয়ে সচেতন নহয়। আনকি পিছফালে পেণ্ডেল জ্বলি থকা দেখিও মানুহে খাদ্য খাই উপভোগ কৰি আছে। তেওঁলোকক দেখি এনে ধাৰণা হোৱা নাছিল যে এটা ঘটনা সংঘটিত হৈছে।

বিবাহ অনুষ্ঠানৰ এই অগ্নিকাণ্ডৰ ঘটনাটো থানেৰ ভিভান্দিত সংঘটিত হৈছিল। দেওবাৰে নিশা আনচাৰী বিবাহলনত থকা সকলোৱে ধেমালিত নিমজ্জিত হৈ থকাৰ সময়ত পেণ্ডেলত জুই লাগে। জুই ইমানেই শক্তিশালী আছিল যে গোটেই পেণ্ডেলটো নিমিষতে জ্বলি যায়।





উপস্থিত বহু লোকে ঘটনাটো তেওঁলোকৰ ম'বাইল কেমেৰাত বন্দী কৰিছিল। অগ্নিকাণ্ডৰ বিৱৰণ দি থানে পৌৰ নিগমে কয় যে খাদ্য ৰন্ধা ঠাইৰ পৰা জুইৰ সূত্ৰপাত হয় আৰু ই পাৰ্কিং এলেকা আগুৰি ধৰে। জুই নিয়ন্ত্ৰণ কৰিবলৈ ডজনৰ হিচাপত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহিছিল। প্ৰায় তিনি ঘণ্টাৰ কঠোৰ পৰিশ্ৰমৰ পিছত জুই নিয়ন্ত্ৰণলৈ অনা হয়। অগ্নিকাণ্ডৰ ঘটনাত গাড়ীও জ্বলি গৈছিল যদিও কোনো লোক হতাহত হোৱা নাছিল। ইয়াৰ মাজতে ইমান বিধ্বংসী অগ্নিকাণ্ডতো  অতিথিয়ে খাদ্যৰ জুতি লোৱা ঘটনাই সকলোৰে চকু কপালত তোলে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published: