সুৰাৰ ৰাগিত মাতাল হৈ বিষাক্ত ফেঁটী সাপৰ সৈতে খেলা, চাওক ভয়ংকৰ VIDEO

News18 Assam | News18-Assam
Updated:January 5, 2020, 1:41 PM IST
সুৰাৰ ৰাগিত মাতাল হৈ বিষাক্ত ফেঁটী সাপৰ সৈতে খেলা, চাওক ভয়ংকৰ VIDEO
Photo : Video grab

লোকজনক কেইবাবাৰো দংশন কৰে সাপডালে। পিছত স্থানীয় লোকে লোকজনক ভৰ্তি কৰোৱায় হাস্পতালত।

  • Share this:
সুৰাৰ ৰাগিত মাতাল হৈ এজন লোকে খেলা কৰিছে বিষাক্ত ফেঁটী সাপৰ সৈতে। ইমানেই নহয় সাপডাল বাৰে বাৰে হাতেৰে ধৰি নৃত্য কৰাও দেখা গ’ল লোকজনক। প্ৰায় আধা ঘণ্টা ধৰি সাপৰ সৈতে খেলা কৰিলে লোকজনে। প্ৰত্যক্ষদৰ্শীয়ে বাৰে বাৰে আঁতৰি আহিবলৈ কোৱা সত্ত্বেও মনা নাছিল লোকজনে। শেষত সাপডালৰ নেজত ধৰি ডাঙি লৈ অহা দেখা গৈছে লোকজনক। ঘটনাটো ৰাজস্থানৰ দৌছাৰ।

ভিডিঅ’টোত দেখা গৈছে বিষাক্ত সাপডালে বাৰে বাৰে লোকজনৰ কাষৰ পৰা আঁতৰি যোৱাৰ চেষ্টা কৰিছে যদিও যাবলৈ দিয়া নাই লোকজনে। বাৰে বাৰে সাপডাল হাতেৰে টানি ৰাখিছে লোকজনে। লোকজনক কেইবাবাৰো দংশন কৰে সাপডালে। পিছত স্থানীয় লোকে লোকজনক ভৰ্তি কৰোৱায় হাস্পতালত। লোকজনৰ নাম প্ৰকাশ মহাৱৰ বুলি জানিব পৰা গৈছে।

চাওক ভিডিঅ’ :


আৰু চাওক
পৰৱৰ্তী বাতৰি