உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • বিবাহস্থলীত দৰাৰ সৈতে হাত মিলাই কইনায়ো চলালে ৪জাঁই গুলী, দাবাং দম্পতীৰ ভিডিঅ' ভাইৰেল হোৱাত তদন্তত নামিল আৰক্ষী

    বিবাহস্থলীত দৰাৰ সৈতে হাত মিলাই কইনায়ো চলালে ৪জাঁই গুলী, দাবাং দম্পতীৰ ভিডিঅ' ভাইৰেল হোৱাত তদন্তত নামিল আৰক্ষী

    Bride and Groom fires 4 round bullet: ১০ ছেকেণ্ডৰ ভিডিঅ'টোত নতুন দম্পতীটোৱে বিবাহৰ মঞ্চত গুলীচালনা কৰা দেখা গৈছে।

    Bride and Groom fires 4 round bullet: ১০ ছেকেণ্ডৰ ভিডিঅ'টোত নতুন দম্পতীটোৱে বিবাহৰ মঞ্চত গুলীচালনা কৰা দেখা গৈছে।

    Bride and Groom fires 4 round bullet: ১০ ছেকেণ্ডৰ ভিডিঅ'টোত নতুন দম্পতীটোৱে বিবাহৰ মঞ্চত গুলীচালনা কৰা দেখা গৈছে।

    • Share this:
    ভাৰতৰ কিছুমান ঠাইত এতিয়াও বিয়াত বন্দুকৰ গুলী ফুটুওৱাটো এটা নিয়ম বুলি ধৰা হয়। ই এটা প্ৰথাৰূপে চলি আহিছে। আনহাতে এনে বিবাহলৈ আহি বহুতে গুলী ফুটাই নিজৰ দাবাং ব্যক্তিত্বও প্ৰদৰ্শন কৰে। শেহতীয়াকৈ বিয়াৰ পেণ্ডেলত পিষ্টলেৰে গুলীচালনা কৰা তেনে এটা ভিডিঅ' ভাইৰেল হৈছে। বেছিভাগক্ষেত্ৰতে ল'ৰা বা পুৰুষে বন্দুক চলালেও এই ভিডিঅ'টোত দেখা গৈছে ব্যতিক্ৰম। দৰাৰ সৈতে হাতত হাত ধৰি কইনাগৰাকীয়েও গুলীচালনা কৰে (bride and groom fires 4 round bullet)। নৱ বিবাহিত দম্পতীটোৱে চলোৱা এই ভিডিঅ'টো ভাইৰেল হ'বলৈ বেছি সময় নালাগিল।

    খবৰ অনুসৰি ঘটনাটো উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ গাজিয়াবাদ (Ghaziabad)ত সংঘটিত হৈছিল। ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত এতিয়া আৰক্ষীয়েও বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। উত্তৰ প্ৰদেশৰ ঘনতাঘাৰ কেতবালি অঞ্চলৰ চিঅ' সন্নুক্ত সিঙে কয়, "বিবাহগৃহত গুলীচালনাৰ ঘটনাৰ খবৰ পোৱা গৈছে। ভিডিঅ'টো শুক্ৰবাৰৰ পৰা বুলি কোৱা হৈছে। ১০ ছেকেণ্ডৰ ভিডিঅ'টোত নতুন দম্পতীটোৱে বিবাহৰ মঞ্চত বন্দুকেৰে আকাশত গুলীচালনা কৰা দেখা গৈছে। ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে সকলোবোৰ চোৱাচিতা কৰিব আৰু এই সন্দৰ্ভত গোচৰ ৰুজু কৰিব।"



    ভাইৰেল হোৱা ভিডিঅ'টোত বিবাহিত দম্পতীটোৱে একেলগে চাৰিজাঁই গুলীচালনা কৰিছিল। ভাইৰেল ভিডিঅ'টোৰ দাবাং পতি-পত্নীৰ পৰিচয় অৱশ্যে প্ৰকাশ কৰা হোৱা নাই। কিন্তু এনে ধৰণৰ দাবাং ভিডিঅ' দেখি সকলোৱে আচৰিত হৈছে। নতুন পত্নীয়ে নতুন দৰাৰ হাতত হাত দি বন্দুকেৰে গুলীচালনা কৰা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে।
    Published by:Gautam Barman
    First published: