• Home
  • »
  • News
  • »
  • nation
  • »
  • ছেনিটাইজাৰেৰে বাইক চাফা কৰাৰ পৰিণতি, চাওক এটা ভয়ংকৰ Video

ছেনিটাইজাৰেৰে বাইক চাফা কৰাৰ পৰিণতি, চাওক এটা ভয়ংকৰ Video

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভয়ংকৰ ভিডিঅ’টো।

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভয়ংকৰ ভিডিঅ’টো।

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভয়ংকৰ ভিডিঅ’টো।

  • Share this:
কোৰোণা ভাইৰাছে বিপৰ্যস্ত কৰি তুলিছে জনজীৱন। চৰকাৰে ১ জুনৰ পৰা আনলক–১ কাৰ্যকৰী কৰিছে। প্ৰতিজন নাগৰিককে প্ৰয়োজনীয় সাৱধানতাসমূহ অৱলম্বন কৰিবলৈ আহ্বান জনাইছে চৰকাৰে। কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ সাৱধানতা হিচাপে জনসাধাৰণে ব্যৱহাৰ কৰিছে ছেনিটাইজাৰ। কিন্তু ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভয়ংকৰ ভিডিঅ’। কোম্পানীত প্ৰৱেশ কৰা কৰ্মচাৰীৰ বাইক ছেনিটাইজ কৰাৰ সময়তে দপদপাকৈ জ্বলি উঠিল এখন বাইক।

ভিডিঅ’টো আহমেদাবাদৰ নৰোডাৰ। ভিডিঅ’ত দুজন কৰ্মচাৰীক কোম্পানীৰ প্ৰৱেশ পথত ছেনিটাইজাৰ স্প্ৰে’ লৈ থকা দেখা গৈছে। আৰু কোম্পানীত কাম কৰা কৰ্মচাৰীক গে’টত ছেনিটাইজাৰেৰে ছেনিটাইজ কৰিছে। এজন কৰ্মচাৰীয়ে নিজৰ বাইক ছেনিটাইজ কৰি যোৱাৰ পিছতে আহিছে আন এজন কৰ্মচাৰী। কিন্তু পিছৰজন কৰ্মচাৰীৰ বাইকখন ছেনিটাইজাৰ স্প্ৰে’ মৰাৰ সময়তে দপদপকৈ জ্বলি উঠে। বাইকৰ চাইলেঞ্চাৰৰ অংশৰ পৰা জ্বলি উঠে বাইকখন।

উল্লেখযোগ্য যে ছেনিটাইজৰত এলকহলৰ উপস্থিতিৰ বাবেই এইদৰে গৰম হৈ থকা বাইকৰ চাইলেঞ্চাৰৰ পৰা জুইৰ সূত্ৰপাত হয়। এই ভিডিঅ’টো এইদৰে ছেনিটাইজ কৰা সকলো লোকৰ বাবে শিক্ষা লোৱাৰ এক উদাহৰণ। গতিকে ছেনিটাইজ কৰোতে সাৱধান হওক।

Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি