বাটে–ঘাটে হিংস্ৰ জন্তু বাঘ–হাতী ওলোৱাৰ ঘটনা এতিয়া সুলভ। কিন্তু এনে এটা কথা কল্পনা কৰিব নোৱাৰি যে সদায়ে মানুহৰ আহ–যাহ চলা বাটত তথা ঘৰৰ সন্মুখত পদাৰ্পণ কৰিব এটা ঘঁৰিয়ালে। এই ঘটনা প্ৰত্যক্ষ কৰা গৈছে কৰ্ণাটকত। মানুহৰ ঘৰৰ সন্মুখত ঘূৰি ফুৰা দেখা গৈছে এটা ঘঁৰিয়াল। ঘটনাটো কৰ্ণাটকৰ দাণ্ডেলী গাঁৱৰ কোগিলবন নামৰ এখন গাঁৱৰ।
এটা ঘৰিয়ালে সন্তৰ্পণে দিন দুপৰতে মানুহৰ ঘৰৰ সন্মুখত এখোজ–দুখোজকৈ আগবাঢ়ি থকা প্ৰত্যক্ষ কৰা গৈছিল। গাঁওখনৰ লোকসকলৰ ঘঁৰিয়াল দেখি মুখৰ মাত হৰাৰ সময়তে কিন্তু এটা কুকুৰে ঘঁৰিয়ালটোৰ গমনত বাধা দিয়ে। ঘঁৰিয়ালৰ প্ৰতি কোনো ভয় নকৰাকৈ কুকুৰটোৱে ইয়াক বাধা দিয়াৰ চেষ্টা চলায়। ইয়াকে লৈ কৰা ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
#WATCH Karnataka | A crocodile found strolling through Kogilban village in Dandeli. Later, forest officials rescued the crocodile & released it into the river. pic.twitter.com/2DDk7JuOB8
— ANI (@ANI) July 1, 2021
উল্লেখ্য, গাঁওখনৰ লোকে তুৰন্তে বন বিভাগক খবৰ দিয়াৰ পিছত বিভাগটোৰ লোকে ঘঁৰিয়ালটো উদ্ধাৰ কৰে। বন বিভাগৰ মতে, বৰষণুৰ বাবে হোৱা নদীপৃষ্ঠৰ বৃদ্ধিয়ে ইয়াৰ কাৰণ। উক্ত গাঁওখন প্ৰায় নদীকাষৰীয়া বাবে এই ঘটনা ঘটিবলৈ পাইছে। অৱশ্যে গাঁওখনত এই ঘটনা প্ৰথমবাৰলৈ ঘটা দেখা গৈছে। ঘঁৰিয়ালটো কৰ্ণাটকৰ ডাঙৰ নদী কালী নদীৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে। কিয়নো এই নদীত বহু পৰিমাণে ঘঁৰিয়াল আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|