Viral video| হাতীৰ পিঠিত যোগব্যায়াম কৰি থাকোতে সৰি পৰিল বাবা ৰামদেৱ! চাওক ভিডিও

News18 Assam | News18-Assam
Updated:October 14, 2020, 9:06 AM IST
Viral video| হাতীৰ পিঠিত যোগব্যায়াম কৰি থাকোতে সৰি পৰিল বাবা ৰামদেৱ! চাওক ভিডিও
এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বৰষুণত চাইকেল চলাই চলাই পৰি গৈছিল ৰামদেৱ।

এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বৰষুণত চাইকেল চলাই চলাই পৰি গৈছিল ৰামদেৱ।

  • Share this:
মথুৰাঃ হাতীৰ পিঠিত উঠি যোগাসন কৰি কৰি ওলোটা হৈ পৰি গ’ল ৰামদেৱ। সৌভাগ্যক্ৰমে তেওঁ গুৰুতৰভাৱে আহত হোৱা নাই। হাতীৰ পিঠিৰ পৰা পৰি যোৱাৰ পিছতে পুনৰ থিয় হৈ দিয়ে যোগগুৰু। সোমবাৰে মথুৰাৰ ৰামনাৰেতি আশ্ৰমত এই ঘটনা ঘটে। তাতেই হাতীৰ পিঠিত উঠি যোগাসন কৰিছিল যোগগুৰু ৰামদেৱ। হাতীটোৱে প্ৰথমে স্থিৰ হৈ আছিল কিন্তু তাৰ পিছতে খোজ কাঢ়িবলৈ আৰম্ভ কৰে। পিঠিৰ ওপৰত ব্যায়াম কৰি কৰি হঠাৎ সৰি পৰে ৰামদেৱ। কিন্তু লগে লগে মাটিৰ পৰা উঠি শৰীৰৰ ধূলি জাৰি–জোকাৰি সুন্দৰকৈ থিয় হয় তেওঁ। হাতীৰ পিঠিৰ পৰা পৰিও হাঁহিমুখে থকা ৰামদেৱক দেখি ভক্তসকল আশ্বস্ত হয়।



যোগগুৰু ৰামদেৱৰ এই ভিডিওটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত৷



উল্লেখ্য যে, এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও এবাৰ বৰষুণত চাইকেল চলাই পৰি গৈছিল ৰামদেৱ। সেই ভিডিওটো যথেষ্ট ভাইৰেল হয় ছচিয়েল মিডিয়াত।
First published: October 14, 2020, 9:06 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading