Viral Video of Auto rickshaw running without driver: ভিডিঅ'টোত দেখা গৈছে অটোখনৰ পিছে পিছে চালকজন দৌৰি আছে। আগে আগে অটো, পিছে পিছে চালক...কোনোপধ্যেই অটোখন ৰখাবলৈ সফল নহ'ল চালকজন ৷ আপুনি কেতিয়াবা চালক অবিহনে ৰাস্তাত গাড়ী-মটৰ চলা দেখিছে জানো! নাই দেখা নিশ্চয়। এখন অটো চালক নোহোৱাকৈ (Auto Running Without Driver) চলাচল কৰা দেখিছে নেকি? দেখিবই নোৱাৰে। কিন্তু শেহতীয়াকৈ এনে এক ভিডিঅ' ভাইৰেল হৈছে ছচিয়েল মিডিয়াত । মেকিং নহয়, ৰিয়েল লাইফ ভিডিঅ'।
মধ্য প্ৰদেশৰ শিৱপুৰী (Madhya Pradesh, Shivpuri Viral Video)ত ঠিক এনেকুৱাই ঘটনা এটা ঘটিছিল। ভিডিঅ'টোত দেখা গৈছে যে এখন অটো নিজে নিজে চলি গৈছে। চালক নোহোৱাকৈয়ো নিজৰ খেয়াল খুচী মতে চলি গৈছে অটো(Auto rickshaw)খন ! শিৱপুৰীৰ ব্যস্ত ৰাস্তাত এনে ঘটনা দেখি সকলোৱে হতবাক হৈ পৰিছে ৷ ঘটনাটোৰ ভিডিঅ' অৱধাৰিকভাৱেই ভাইৰেল (Viral Video) হৈ পৰিল !
ভিডিঅ'টোত দেখা গৈছে অটোখনৰ পিছে পিছে অটো চালকজন (Auto Driver) দৌৰি আছে। আগে আগে অটো, পিছে পিছে চালক...কিন্তু কোনোপধ্যেই অটোখন ৰখাবলৈ সফল নহ'ল চালকজন ৷ বৰং নিজৰ অটোখন টানি ধৰি ৰখাবলৈ গৈ চালকজন নিজেই লুটিখাই পৰিছিল। এনে লাগিছিল যেন কোনো মায়াৱী ভূত অটোখনত লম্ভিছিল আৰু চালকক নগুৰ-নাকতি কৰি আপোন মনে চলি আছিল। চাওক ভিডিঅ'টো-
পিছে কোনো ভূত-ছূত নাছিল, অটোখন অৱশেষত কিছুদূৰ গৈ নিজে নিজে ৰৈ গ'ল ৷ ফুটপাথৰ কাষত থকা চাট-ভেলপুৰীৰ দোকান এখনত খুন্দা মৰাৰ পাছতহে ৰ'ল ভূতে পোৱা অটোখন। নহ'লে হয়তো অন্য কিবা ডাঙৰ বিপদেই ঘটিলহেতেন! ঘটনাটোত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই ৷ ভাইৰেল ভিডিঅ'টোত অট'ৰিক্সা এখন নিজে নিজে চলি থকা দেখি সকলো আচৰিত হৈ পৰিছে।
ছ'চিয়েল মিডিয়াৰ যুগত ভিডিঅ'টো ভাইৰেল হ'বলৈ বেছি সময় নালাগিল ৷ আজিকালি বহুলোকে কিবা এটা ঘটি থকা দেখিলেই মোবাইল ফোনেৰে ভিডিঅ' কৰে ৷ কোনবা বিপদত পৰা দেখিলেও ভিডিঅ' ছুটিংত ব্যস্ত থকা লোকৰ সংখ্যাও খুব কম নহয়! এনেদৰে মোবাইলত ৰেকৰ্ড কৰা ভিডিঅ' ফেচবুক আৰু টুইটাৰ, ইনষ্টাগ্ৰাম আদি সকলোতে ভাইৰেল হৈ পৰে ৷
Published by: Manjumoni Borah
First published: September 28, 2021, 17:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|