আচৰিত! চলন্ত অৱস্থাতে অটোৰ চকা সলনি কৰিলে এইজন যুৱকে – চাওক ভাইৰেল Video

এই ভিডিঅ’টো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে প্ৰখ্যাত উদ্যোগী হৰ্ষ গোৱেংকাই।

News18-Assam
Updated:September 24, 2019, 3:47 PM IST
আচৰিত! চলন্ত অৱস্থাতে অটোৰ চকা সলনি কৰিলে এইজন যুৱকে – চাওক ভাইৰেল Video
এই ভিডিঅ’টো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে প্ৰখ্যাত উদ্যোগী হৰ্ষ গোৱেংকাই।
News18-Assam
Updated: September 24, 2019, 3:47 PM IST
হলীউদৰ চিনেমাৰ দৰে এক দৃশ্য। চলন্ত অৱস্থাতে এখন অটোৰ চকা সলনি কৰিছে এজন যুৱকে। চলন্ত অৱস্থাতে অটোখনৰ এটা ফাল দাঙি যুৱকজনে সলনি কৰিলে চকা। এই দৃশ্য ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

ভিডিঅ’টোত দেখা গৈছে যে অটোখন চলাই নিয়া যুৱকজনে পাংচাৰ হোৱা চকাটো চলন্ত অৱস্থাতে খুলি পেলাইছে। সেই সময়তে আন এখন অটোৰে অহা এজন যুৱকে আন এটা চকা দিয়া দেখা গৈছে যুৱকজনক। আৰু চলন্ত অৱস্থাতে মুহূৰ্তৰ ভিতৰতে যুৱকজনে সলাই পেলাইছে চকাটো।

এই ভিডিঅ’টো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে প্ৰখ্যাত উদ্যোগী হৰ্ষ গোৱেংকাই। গোৱেংকাই এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে – ‘মই বহুতক টায়াৰ সলনি কৰা দেখিছো... কিন্তু এয়া জেম্ছ বণ্ডৰ ষ্টাইল।’

চাওক ভিডিঅ’টো :



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি