বিদ্যালয় বা মহাবিদ্যালয়ত বিভিন্ন ধৰণৰ শিক্ষাৰ্থী থাকে। কিছুমান শিক্ষাৰ্থী আছে যিয়ে তেওঁলোকে কম সময়তে বা অলপতে পাঠবোৰ আয়ত্ব কৰি ল'ব পাৰে, কিন্তু কিছুমান শিক্ষাৰ্থী আছে যাৰ মন-মগজুৱে অধ্যয়নৰ প্ৰতি মনোযোগ আগবঢ়াব নোৱাৰে।। এনে ধৰণৰ শিক্ষাৰ্থীৰ এখন উত্তৰ বহী (Viral copy of Student) বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Viral copy of Student) । যদি আপুনি এই উত্তৰ বহীৰ পৃষ্ঠাটো (Viral Answer Sheet) পঢ়ি চায় তেন্তে আপুনি গোটেই দিনটো হাঁহি থাকিব পাৰিব।
ছাত্ৰজনে তেওঁৰ উত্তৰ বহীত (Viral Answer of Student) এনে কিছুমান কথা লিখিছে যিবোৰ মানুহে সাধাৰণতে একেবাৰতে ভাবিব নোৱাৰে। যেতিয়া আপুনি বহীখন পঢ়িবলৈ ল'ব, এনে লাগিব যে প্ৰশ্নটোৰ উত্তৰ দেখোন সঠিকেই হৈছে। কিন্তু, আপুনি দুটা শাৰী পঢ়াৰ পিছতহে আপোনাৰ মগজু গৰম হ'বলৈ আৰম্ভ কৰিব। কাৰণ উত্তৰটোৰ বিশেষত্বটো হ'ল যে ই য'ত আৰম্ভ হয় শেষও তাতেই হয়গৈ। কেৱল মাজভাগত কি ক'ব বিচাৰিছে সেয়া কেৱল ছাত্ৰজনেহে ক'ব পাৰিব।
ভাক্ৰা নাংগল বান্ধৰ পৰা দ্বিতীয় বিশ্বযুদ্ধলৈকে-উত্তৰ পত্ৰিকাখন ফান কি লাইফ (fun ki life) নামৰ একাউণ্ট এটাৰ পৰা ইনষ্টাগ্ৰাম (Instagram)ত শ্বেয়াৰ কৰা হৈছে। দেখাত এনেকুৱা লাগিছে যেন ভাক্ৰা নাংগল প্ৰকল্পৰ বিষয়ে প্ৰশ্নটো সোধা হৈছিল। যেতিয়া ছাত্ৰজনে ইয়াৰ উত্তৰ লিখিবলৈ আৰম্ভ কৰিছে, তেওঁ বান্ধটো শতদ্ৰু নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে বুলি লিখিবলৈ আৰম্ভ কৰিছে। উত্তৰৰ অগ্ৰগতিৰ লগে লগে ইয়াত চৰ্দাৰ পেটেল, টাটা-বাই বাই, পণ্ডিত জৱাহৰলাল নেহৰু, গোলাপৰ খেতি, চেনী, লণ্ডন, জাৰ্মানী আৰু বিশ্বযুদ্ধ পৰ্যন্ত পাইছেগৈ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ছাত্ৰজনে সকলোবোৰ ঘুৰি-পকি আহি পঞ্জাৱ আৰু শতদ্ৰু নদী হৈ পুনৰ বান্ধলৈকে উভতি গৈছে। গতিকে আপুনিয়ে কওঁক, লৰাজনৰ প্ৰতিভা আছে নে নাই ?
উত্তৰ বহী চোৱা শিক্ষকজন বৰ্তমান কোমাত-এনে এক আজৱ ধৰণৰ উত্তৰবহী চোৱাৰ পাছত এজন পৰীক্ষক কোমালৈ যোৱাৰ বাহিৰে আন একো গত্যন্তৰ নাই ! উত্তৰটোত বিতুষ্ট শিক্ষকজনে নিৰ্মমভাৱে ১০ৰ ভিতৰত শূন্য দিয়া দেখা গৈছে। শিক্ষাৰ্থীজনে শ্বীটখনত এটা মন্তব্যও লিখিছিল– 'শিক্ষক জন কোমাত আছে'। এতিয়া কোনোবাই যদি এটা প্ৰশ্নৰ উত্তৰত একেৰাহে ইতিহাস, ভূগোল, কলা, সাহিত্য, বিজ্ঞান এই সকলোবোৰ বিষয় অন্তৰ্ভূক্ত কৰে, তেন্তে এজন ভাল শিক্ষকে ইয়াক ক'ত কেনেকৈ হজম কৰিব পাৰিব ? মানুহে এই পোষ্টটোৰ প্ৰতি যথেষ্ট আকৰ্ষণীয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে এই শিক্ষাৰ্থীজনৰ চৰণ সকলোৱে এবাৰ স্পৰ্শ কৰিব লাগে। এজন ইউজাৰে লিখিছে যে, এইজন ছাত্ৰক ২১টা তোপ ধ্বনিৰে চেলুট দিব লাগে। কিছুমান মানুহে তেওঁৰ প্ৰতিভাক প্ৰশংসাও কৰা দেখা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|