বলীউদৰ ছুপাৰহিট গান আৰু ছবিৰ ডায়লগত লিপছিং কৰি জনপ্ৰিয় হৈ পৰা তাঞ্জানিয়াৰ ছচিয়েল মিডিয়া ছেনজেচন ভাতৃ–ভগ্নী কিলি পল (Kili Paul) আৰু নীমা পল (Neema Paul)ক নিশ্চয় চিনি পায়। নিজৰ ভিডিঅ’ৰ বাবে চৰ্চাত থকা এই ভাতৃ–ভগ্নীৰ প্ৰতিভাত মুগ্ধ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। তেওঁ ‘মন কী বাত’ত তেওঁলোকক প্ৰশংসা কৰি কয় যে দুয়োৰে মনত ভাৰতীয় সংগীতক লৈ এক আবেগ আছে আৰু সেইবাবে তেওঁলোক অতি জনপ্ৰিয়।
‘মন কী বাত’ত কিলি পল আৰু নীমা পলৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতীয় সংস্কৃতি আৰু নিজৰ ঐতিহ্যৰ কথা ক’বলৈ গৈ আজি মই মন কী বাতত দুজন লোকৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছো। বৰ্তমান ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামত তাঞ্জানিয়াৰ দুই ভাতৃ–ভগ্নী কিলি পল আৰু তেওঁৰ ভগ্নী নীমা পল খুব চৰ্চাত আছে আৰু মোৰ বিশ্বাস আপোনালোকেও তেওঁলোকক দেখিছে।
মোদীয়ে কয়, ‘তেওঁলোকৰ ভিতৰত ভাৰতীয় সংস্কৃতিক লৈ এক আবেগ আছে, উন্মাদনা আছে, সেইবাবেই তেওঁলোক জনপ্ৰিয় হৈছে। লিপছিংৰ তেওঁলোকৰ পদ্ধতি দেখিলে গম পোৱা যায় তেওঁলোকে কিমান যত্ন কৰে।
মোদীয়ে কয় যে শেহতীয়াকৈ গণতন্ত্ৰ দিৱসত আমাৰ ৰাষ্ট্ৰীয় সংগীত ‘জন গন মন’ গাই থকা তেওঁলোকৰ ভিডিঅ’ খুব ভাইৰেল হৈছিল। কিছুদিন পূৰ্বে তেওঁলোকে লতা দিদিৰ এটা গান গাই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছিল। মই এই অদ্ভুত সৃষ্টিশীলতাৰ বাবে দুয়ো ভাতৃ–ভগ্নী কিলি আৰু নিমাক প্ৰশংসা কৰো।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|