ছবি নিৰ্মাতাৰ লজ্জাজনক মন্তব্য, ক’লে – বলাৎকাৰীক সহযোগ কৰক, ছোৱালীয়ে লৈ ফুৰক কনড’ম

News18 Assam | News18-Assam
Updated:December 5, 2019, 8:38 AM IST
ছবি নিৰ্মাতাৰ লজ্জাজনক মন্তব্য, ক’লে – বলাৎকাৰীক সহযোগ কৰক, ছোৱালীয়ে লৈ ফুৰক কনড’ম
বিভিন্নজনৰ কঠোৰ সমালোচনাৰ পিছত ডেনিয়েলে ডিলিট কৰে পোষ্টটো। কিন্তু সেই পোষ্টটোৰ স্ক্ৰীণশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বিভিন্নজনৰ কঠোৰ সমালোচনাৰ পিছত ডেনিয়েলে ডিলিট কৰে পোষ্টটো। কিন্তু সেই পোষ্টটোৰ স্ক্ৰীণশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

  • Share this:
ছচিয়েল মিডিয়া বা আন স্থানত নিজকে ছবি নিৰ্মাতা বুলি কোৱা ডেনিয়েল শ্ৰৱনে বলাৎকাৰক লৈ কৰিছে চাঞ্চল্যকৰ তথা লজ্জাজনক মন্তব্য। ডেনিয়েলে বলাৎকাৰক আইনী অনুমতি দিয়াৰ পোষকতা কৰে। দাক্ষিণাত্যৰ চি গ্ৰেড ছবিৰ পৰিচালক ফেচবুকত এটাৰ পিছত আনটো দীঘলীয়া পোষ্ট লিখি ডেনিয়েলে কয় যে মহিলা তথা যুৱতীসকলে কনড’ম লৈ ফুৰিব লাগে।

বলাৎকাৰীৰ যৌন বাসনা নস্যাৎ আৰু বলাৎকাৰৰ পিছত হত্যাৰ বাবে প্ৰৰোচিত কৰাৰ সলনি ইয়াক আইনী মান্যতা দিয়া উচিত বুলি কয় ডিনেয়েলে। এই মন্তব্যক লৈ এতিয়া ছচিয়েল মিডিয়াত সমালোচনাৰ জোৱাৰ উঠিছে।

বিভিন্নজনৰ কঠোৰ সমালোচনাৰ পিছত ডেনিয়েলে ডিলিট কৰে পোষ্টটো। কিন্তু সেই পোষ্টটোৰ স্ক্ৰীণশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি