পিছত চালকজনে নিজৰ ভুল মানি লয় আৰু আৰক্ষীক ক্ষমা বিচাৰে। আৰক্ষীয়ে নিৰ্দিষ্ট জৰিমনা বিহি লোকজনক এৰি দিয়ে।
পিছত চালকজনে নিজৰ ভুল মানি লয় আৰু আৰক্ষীক ক্ষমা বিচাৰে। আৰক্ষীয়ে নিৰ্দিষ্ট জৰিমনা বিহি লোকজনক এৰি দিয়ে।
ৰোহিত ছেট্টীৰ চিনেমাৰ একচন নহয়, মহাৰাষ্ট্ৰৰ যান-বাহন আৰক্ষীয়ে কৰিলে এই কাণ্ড। ছচিয়েল মিডিয়াত দিয়াৰ লগে লগে জুইৰ দৰে ভাইৰেল হৈ পৰিছে এইখন ফটো। পুনেত আৰক্ষীয়ে চালক উঠি থকা অৱস্থাতেই পুলি বেল্টেৰে উঠাই নিলে নো পাৰ্কিঙত থকা বাইকখন। সচৰাচৰ নেদেখা এক দৃশ্য এইয়া।
এই ফটোখনৰ কাৰণে পুনে আৰক্ষীক বহুতেই প্ৰশংসা কৰিছে যদিও দুই-একে সমালোচনাও নকৰা নহয়। পিছে পুনে আৰক্ষীৰ দাবী তেওঁলোকে চালক জনৰ সৈতে বাইকখন তোলা নাছিল। নো-পাৰ্কিং জ'নৰ পৰা বাইকখন তুলি থাকোতেহে চালকজন আহি ঘপকৈ বাইকখনত বহি লয়। আৰক্ষীৰ দাবী, আৰক্ষীৰ বাধা স্বত্বেও, বাইকখন যাতে লৈ নাযায়, তাকেই বাধা দিবলৈ তুলি থকা বাইকখনত দৌৰি আহি বহি লয় চালকজনে। উপায় নাপায় যান-বাহন আৰক্ষীয়ে চালকজনৰ সৈতেই বাইক ভোনত তুলিবলৈ বাধ্য হয়।
এই ঘটনা সংঘটিত হৈছিল পুনেৰ নানাপেঠ এলেকাত। পিছত চালকজনে নিজৰ ভুল মানি লয় আৰু আৰক্ষীক ক্ষমা বিচাৰে। আৰক্ষীয়ে নিৰ্দিষ্ট জৰিমনা বিহি লোকজনক এৰি দিয়ে। লগতে কেৰিং ভেনখনত থকা যান-বাহন আৰক্ষীৰ জোৱান আৰু এজন ঠিকাভিত্তিক কৰ্মীৰ বিৰুদ্ধেও যথোচিত শাস্তি প্ৰদান কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|