• Home
  • »
  • News
  • »
  • nation
  • »
  • Viral Photo : ভাইৰেল হ'ব লাগে এইবোৰ ফটো, কৰ্তব্যৰত ASI মাতৃয়ে গৰ্বেৰে চেল্যুট দিছে SP পুত্ৰক

Viral Photo : ভাইৰেল হ'ব লাগে এইবোৰ ফটো, কৰ্তব্যৰত ASI মাতৃয়ে গৰ্বেৰে চেল্যুট দিছে SP পুত্ৰক

সঁচাকৈ, এগৰাকী ASI মাতৃৰ বাবে ইয়াতকৈ আৰু অধিক সুখকৰ কি হ'ব পাৰে যে সন্মুখত SP পুত্ৰ থিয় হৈ আছে।

সঁচাকৈ, এগৰাকী ASI মাতৃৰ বাবে ইয়াতকৈ আৰু অধিক সুখকৰ কি হ'ব পাৰে যে সন্মুখত SP পুত্ৰ থিয় হৈ আছে।

সঁচাকৈ, এগৰাকী ASI মাতৃৰ বাবে ইয়াতকৈ আৰু অধিক সুখকৰ কি হ'ব পাৰে যে সন্মুখত SP পুত্ৰ থিয় হৈ আছে।

  • Share this:
গুৰুতকৈ শিষ্য যেতিয়া আগুৱাই যায় নাইবা পিতৃ-মাতৃক যেতিয়া অতিক্ৰমী যায় সন্তানে ইয়াতকৈ আৰু গৰ্বৰ কথা কি হ'ব পাৰে সেই গুৰু বা পিতৃ-মাতৃৰ বাবে! ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এনে এখন ফটোৱে দেশজুৰি বুটলিছে প্ৰশংসা। মাতৃয়ে সকলোৰে সন্মুখত গৰ্বৰে বিষয়া পুত্ৰক চেল্যুট মাৰি থকা এই ফটোখন সঁচাকৈ ভাইৰেল হোৱাৰ যোগ্য।

এই ফটোখনত মহিলা ASI গৰাকীয়ে চেল্যুট দি থকা আৰক্ষী বিষয়াগৰাকী আন কোনো নহয় সেইগৰাকী মতৃৰেই DSP পুত্ৰ। ফটোখনত মাতৃৰ মুখত উজলি আছে সেই গৰ্ব আৰু স্বাভিমানৰ কান্তি।

এই ফটোখন শ্বেয়াৰ কৰিছে গুজৰাট লোকসেৱা আয়োগৰ বিষয়া দিনেশ দাছাই। তেওঁ লিখিছে যে ইয়াতকৈ সুখৰ মুহূৰ্ত আৰু কি হ'ব পাৰে যেতিয়া নিজৰ IPS পুত্ৰই বছৰ বছৰ যোৰা সাধনাৰ চিন স্বৰূপে মাতৃক এনেদৰে চেল্যুট জনাই আছে!

এই মাতৃ-পুত্ৰহাল হৈছে গুজৰাটৰ। গুজৰাট আৰক্ষী বিভাগত এএছআই পদত চাকৰি কৰে মাতৃয়ে আৰু এছপি নিযুক্তি পোৱা পুত্ৰজন হৈছে বিশাল ৰাবাৰি (Vishal Rabari)। এই ফটোখন ভাইৰেল হোৱাৰ পিছতে বিশালৰ লগৰবোৰেও কৰিছে কমেণ্ট। এজন বন্ধুৱে কয় যে ২০০৯ ছনত বন্ধুজনৰ বিদ্যালয়লৈ যেতিয়া বিশাল আহিছিল তেতিয়া ৫০০০ মিটাৰ দৌৰ প্ৰতিযোগিতা জয় কৰিছিল বিশালে। এতিয়া বিশালক উচ্চ পদৰ বিষয়াৰূপে দেখি তেওঁলোক বহুত আনন্দিত।

বিশালে ধন্যবাদ জনাইছে গুজৰাট লোকসেৱা আয়োগৰ বিষয়াগৰাকীক যিয়ে এই ফটোখন শ্বেয়াৰ কৰিছে আৰু কৈছে যে তেওঁৰ অবিহনে এই সফলতা অসম্ভৱ হ'লহেঁতেন।

এই ফটোখন দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ। সামাজিক মাধ্যমত এতিয়া দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে ফটোখন। সকলোৱেই প্ৰশংসাৰে উপচাই দিছে মাতৃ-পুত্ৰক।

সঁচাকৈ, এগৰাকী ASI মাতৃৰ বাবে ইয়াতকৈ আৰু অধিক সুখকৰ কি হ'ব পাৰে যে সন্মুখত SP পুত্ৰ থিয় হৈ আছে।
Published by:Manjumoni Borah
First published: