Wife demand right of sex: স্বামী-স্ত্ৰীৰ মাজত যৌন সম্পৰ্ক নোহোৱাত আৰক্ষীৰ দ্বাৰস্থ হোৱাৰ ঘটনা সাম্প্ৰতিক সময়ত নজিৰবিহীন।
Wife demand right of sex: স্বামী-স্ত্ৰীৰ মাজত যৌন সম্পৰ্ক নোহোৱাত আৰক্ষীৰ দ্বাৰস্থ হোৱাৰ ঘটনা সাম্প্ৰতিক সময়ত নজিৰবিহীন।
এগৰাকী মহিলাই নিজৰ স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্কত লিপ্ত হব নোৱাৰি আৰক্ষীৰ দ্বাৰস্থ হৈছে। স্বামীৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগ। ঘটনাটো সংঘটিত হৈছে গুজৰাটৰ আহমেদাবাদত।
এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্বামী-স্ত্ৰীৰ মাজত যৌন সম্পৰ্ক স্থাপন নোহোৱাত আৰক্ষীৰ দ্বাৰস্থ হোৱাৰ ঘটনা সাম্প্ৰতিক সময়ত নজিৰবিহীন।
শেহতীয়াকৈ, এগৰাকী ৩৩ বছৰীয়া মহিলাৰ নিজৰ স্বামীৰ সৈতে যৌন সম্ভোগ কৰিব নোৱাৰাৰ বাবে চাবৰমতী আৰক্ষীৰ কাষ চাপে। এবছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা মহিলাগৰাকী শেহতীয়াকৈ মানসিকভাৱে ভাগি পৰিছে। কাৰণ তেওঁৰ স্বামীয়ে তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাত অনীহা প্ৰকাশ কৰে। আৰু কথাই প্ৰতি মহিলাগৰাকীৰ ওপৰত শাৰীৰিক মানসিক ভাবে অত্যাচাৰ কৰে।
সাবৰমতী আৰক্ষী থানাত অভিযোগ দাখিল কৰি মহিলাগৰাকীয়ে কয়, "মই যোৱা বছৰ ফেব্ৰুৱাৰীত বদোদৰাৰ এজন পুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিলো। মই তেওঁক বিবাহৰ এটা ৱেবছাইটৰ জৰিয়তে লগ পাইছিলো। মোৰ শহুৰে এবছৰৰ ভিতৰত পুত্ৰ সন্তান জন্ম দিবলৈ মোক হেঁচা দিবলৈ আৰম্ভ কৰে। মোৰ স্বামীয়ে এতিয়ালৈকে মোৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা নাই। মোৰ স্বামীয়ে শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ অস্বীকাৰ কৰি আহিছে। আনকি কেতিয়াবা এনেবোৰ কাৰণতে মোক প্ৰহাৰো কৰে।
মহিলাগৰাকীয়ে আৰক্ষীক জনাইছে যে, 'তেওঁৰ স্বামীয়ে আইভিএফৰ জৰিয়তে তেওঁৰ পৰা এটা সন্তান বিচাৰিছিল। কিন্তু পত্নীয়ে অস্বীকাৰ কৰাত মাৰধৰ কৰে। আৰু এদিন তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। মহিলাগৰাকীয়ে এই সন্দৰ্ভত কৈছে যে, 'বৰ্তমান মোৰ মা-দেউতাৰ সৈতে মই সবৰমতীত বাস কৰো। আৰু মোৰ জীৱনতো চলি যাবলৈ তেওঁৰ পৰা ২৫ লাখ টকা দিবলৈ দাবী কৰিছো।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|