মুখ্যপৃষ্ঠা »খবৰ »দেশ »হৃদয়বিদাৰক! বৰমাল্য পিন্ধোৱাৰ পিছতেই মৃত্যু কইনাৰ, মৃত কইনাৰ ভগ্নীৰে বিবাহ সম্পন্ন দৰাৰ

হৃদয়বিদাৰক! বৰমাল্য পিন্ধোৱাৰ পিছতেই মৃত্যু কইনাৰ, মৃত কইনাৰ ভগ্নীৰে বিবাহ সম্পন্ন দৰাৰ

চাৰিওফালে এক আনন্দমুখৰ পৰিৱেশ। ৰজনজনাই থকা বিবাহস্থলীত হঠাতে ঘটি গ'ল সেই অকল্পনীয়, অবিশ্বাস্য ঘটনাটো। মাঙ্গলিক ৰীতি-নীতিৰে বিবাহ কাৰ্য চলি থকাৰ মাজতে ঢলি পৰিল কইনা সুৰভি। 

  • Share this:
কোৰোণা আতংক অব্যাহত থাকিলেও বিভিন্ন ঠাইত অনুষ্ঠুপীয়াকৈ হ'লেও চলি আছে বিবাহ অনুষ্ঠান।  বিবাহ অনুষ্ঠানৰ মাজতে হঠাত কইনা অসুস্থ হৈ পৰে আৰু সংঘটিত হয় এক অকল্পনীয় ঘটনা। নিজৰ বিবাহ অনুষ্ঠান চলি থকাৰ মাজতেই কইনা সংজ্ঞাহীন হৈ ঢলি পৰে। আৰু মৃত্যুক সাৱটি লয়। এই ঘটনাটি সংঘটিত হোৱাৰ পাছতেই নাটকীয়ভাৱে দৰাৰ পৰিয়াল আৰু মৃত কইনাৰ পৰিয়ালৰ অনুমতি সাপেক্ষে মৃত যুৱতীগৰাকীৰ ভগ্নীৰে সম্পন্ন হয় বিবাহ। দুদিন পূৰ্বে উত্তৰপ্ৰদেশৰ ইটাৱা জিলাৰ ভৰথানাৰ চমাছপুৰত সংঘটিত হয় এই ঘটনা।

বিবাহৰ মাংগলিক কাম-কাজ চলি থকাৰ সময়তে কইনা সুৰভি হঠাতে দৰা মঞ্জেশ কুমাৰৰ কাষত অচেতন হৈ পৰে। ততাতৈয়াকৈ এজন চিকিৎসকক অনা হৈছিল যদিও কইনা সুৰভিক তেওঁ মৃত বুলি ঘোষণা কৰে। হৃদযন্ত্ৰৰ ক্ৰিয়া স্তব্ধ হৈ যোৱাৰ ফলতে কইনা সুৰভীয়ে মৃত্যুক আঁকোৱালি লয় বুলি জনাইছে চিকিৎসকে।

"এনে পৰিস্থিতিত কি কৰিব লাগে আমি নাজানিছিলো। দুয়োটা পৰিয়াল একেলগে বহিছিল আৰু কোনোবাই পৰামৰ্শ দিছিল যে, মোৰ সৰু ভনী নিশাৰ সৈতে সম্পন্ন হ'ব লাগে এই বিবাহ। দুয়োটা পৰিয়ালে বিষয়টো আলোচনা কৰিছিল আৰু দুয়ো সন্মত হৈছিল।" এই মন্তব্য কৰে সুৰভিৰ ভাতৃয়ে।

শেহতীয়া বাতৰি