সম্প্ৰতি এটা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজ্ঞাপনক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে পঞ্জাবত। ছচিয়েল মিডিয়াতো এই আজৱ বিজ্ঞাপনটোক লৈ চলিছে চৰ্চা। পঞ্জাবৰ ভাটিণ্ডাৰ এই সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজ্ঞাপনত জনোৱা হয়, আগন্তুক ২৩ অক্টোবৰত নিকটৱৰ্তী এক হোটেলত আয়োজিত হ’ব এক সৌন্দৰ্য প্ৰতিযোগিতা। তাত যোগদান কৰাৰ বাবে আহ্বান জনোৱা হৈছে কৰ্তৃপক্ষৰ ফালৰ পৰা।
কিন্তু আন প্ৰতিযোগিতাৰ তুলনাত এই বিউটি পেজেণ্টৰ মূল পাৰ্থক্য হ’ল ইয়াৰ চমকপ্ৰদ পুৰস্কাৰত। বিজ্ঞাপনত দাবী কৰা হয়, যিয়ে এই প্ৰতিযোগিতাত বিজয়ী হ’ব, তেওঁ কানাডাত বসবাস কৰা প্ৰবাসী ভাৰতীয়ৰ পাত্ৰৰ সৈতে বিয়াত বহাৰ সুযোগ পাব। বিজ্ঞাপনটো সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতে আৰম্ভ হয় বিতৰ্ক। বিজ্ঞাপনটোৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে দুজন লোকক।
সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজ্ঞাপনৰ এই বিতৰ্কিত পোষ্টাৰ ভাটিণ্ডাৰ বিভিন্ন জনবহুল অঞ্চলত আঁৰিছিল উদ্যোক্তাই। বিজ্ঞাপনত আৰু লিখা হৈছিল, প্ৰতিযোগিতা কেৱল সাধাৰণ শ্ৰেণীৰ নাৰীসকলৰ বাবে। অনুসূচিত আৰু পিছপৰা জনজাতিৰ মহিলাসকলে অংশগ্ৰহণ কৰিব নোৱাৰিব প্ৰতিযোগিতাত। পোষ্টাৰৰ ফটো ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পিছতে বহু লোকে তাত থকা ফোন নম্বৰত ফোন কৰি প্ৰতিবাদ কৰে। তাৰ পিছতে উদ্যোক্তাসকলে ফোন বন্ধ কৰি দিয়ে বুলি অভিযোগ। অভিযোগ দিয়া হয় আৰক্ষীকো।
ঘটনাৰ সৈতে জড়িতৰ অভিযোগত সুৰিন্দৰ সিংহ আৰু ৰাম দয়াল সিংহ জৰুৱা নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। প্ৰতাৰণা, নাৰীৰ সন্মানহানিসহ একাধিক অভিযোগত গোচৰ ৰুজু কৰা হৈছে দুয়োৰে বিৰুদ্ধে। যিখন হোটেলত এই সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজন হ’ব বুলি দাবী কৰা হৈছে, সেই হোটেল কৰ্তৃপক্ষৰ দাবী, এনে ধৰণৰ কোনো প্ৰতিযোগিতাৰ বাবে তেওঁলোকে অগ্ৰিম বুকিং কৰা নাই।
Published by: Sanjay Kumar Das
First published: October 15, 2022, 13:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|