পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়াই নিজৰ ব্যক্তিগত সম্পত্তি তদন্ত আৰু জব্দ কৰাত বাধা প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ত জনাইছে আবেদন
দেশৰ বেংকৰ পৰা ৯ হাজাৰ কোটি টকাৰ ঋণলৈ ভাৰতবৰ্ষৰ পৰা পলায়ন কৰি বিদেশত আত্মগোপন কৰি থকা সুৰা ব্যৱসায়ী বিজয় মালিয়াই নিজৰ ব্যক্তিগত আৰু পৰিবাৰিক ব্যৱসায়ৰ তদন্ত আৰু জব্দ কৰাত বাধা প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ক আবেদন জনাইছে। অহা ২৯ জুলাইত হ’ব বিজয় মালিয়াই কৰা আৱেদনৰ শুনানি। ইয়াৰ পূৰ্বেও বিজয় মালিয়াই নিজৰ ব্যক্তিগত আৰু পাৰিবাৰিক ব্যৱসায়ৰ তদন্ত আৰু জব্দ কৰাৰ বিৰুদ্ধে বোম্বে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। কিন্তু বম্বে আদালতে মালিয়াৰ আৱেদন খাৰিজ কৰাৰ পিছতে এতিয়া পলাতক সুৰা ব্যৱসায়ী দাৰস্থ হৈছে উচ্চতম ন্যায়ালয়ৰ।
উল্লেখ্য যে, ২০১৯ৰ জানুৱাৰী মাহতে প্ৰিভেনশ্যন অৱ মানী লণ্ডাৰিং এক্ট আদালতে বিজয় মালিয়াক আৰ্থিক পলাতকৰূপে ঘোষণা কৰিছিল। ইয়াৰ পিছতে বিজয় মালিয়াই বোম্বে ন্যায়ালয়ত আবেদন জনাই তেওঁৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ অসংবিধানিক বুলি দাবী কৰে। ২০১৬ চনত লণ্ডনলৈ পলায়ন কৰিছিল সুৰা ব্যৱসায়ী বিজয় মালিয়াই।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|