টকাৰ ওপৰত শুইছিল এইগৰাকী অভিযন্তাই, বিছনাৰ তলত ওলাল বান্দিলে বান্দিলে টকা

১৪ লাখ টকা উৎকোচ লোৱাৰ সময়তে হাতে–লোটে ধৰা পৰিল পথ নিৰ্মাণ বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তা।

news18assam
Updated:June 9, 2019, 12:30 PM IST
টকাৰ ওপৰত শুইছিল এইগৰাকী অভিযন্তাই, বিছনাৰ তলত ওলাল বান্দিলে বান্দিলে টকা
১৪ লাখ টকা উৎকোচ লোৱাৰ সময়তে হাতে–লোটে ধৰা পৰিল পথ নিৰ্মাণ বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তা।
news18assam
Updated: June 9, 2019, 12:30 PM IST
বিহাৰৰ ৰাজধানী পাটনাত ১৪ লাখ টকা উৎকোচ লোৱাৰ সময়তে হাতে–লোটে ধৰা পৰিল পথ নিৰ্মাণ বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তা। ধৃত অভিযন্তাজনৰ নাম সুৰেশ প্ৰসাদ যাদৱ। অখিলেখ কুমাৰ জয়ছোৱাল নামৰ ঠিকাদাৰজনৰ পৰা উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় অভিযন্তা সুৰেশ প্ৰসাদ যাদৱ। ইয়াৰ পিছতে তদন্তকাৰী দলে অভিযান চলায় অভিযন্তাজনৰ পেটেল নগৰস্থিত বাসগৃহৰ পৰা জব্দ কৰে ডেৰ কোটি টকা। জানিব পৰা মতে, অভিযন্তাজনে বিছনাৰ তলত ৰাখিছিল এই বৃহৎ পৰিমাণৰ ধনৰাশি।

তদন্তকাৰী দলৰ বিষয়াই জনোৱা অনুসৰি, বিহটাত পথ নিৰ্মাণৰ বাবে প্ৰকাশ কৰা হৈছিল নিবিদা। নিবিদাৰ বাবে ঠিকাদাৰ অখিলেখ কুমাৰ জয়োছোৱালৰ কোম্পানীয়েও দাখিল কৰিছিল আবেদন। নিবিদা প্ৰদানৰ নামত অভিযন্তা সুৰেশ প্ৰসাদ যাদৱে অখিলেশৰ পৰা বিচাৰিছিল ৩২ লাখ টকা। শেষত ২৮ লাখ টকাত মান্তি হৈছিল সুৰেশ প্ৰসাদ যাদৱ। ধৃত অভিযন্তাজনক সোধা–পোছা অব্যাহত ৰাখিছে তদন্তকাৰী দলে। তেওঁৰ ঘৰৰ পৰা নগদ ধনৰ লগতে জব্দ কৰা হৈছিল বহু পৰিমাণৰ নথি–পত্ৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি