কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰীয়ে উদ্বোধন কৰিলে বিদ্যা ভাৰতীৰ "MyNEP" প্ৰতিযোগিতা

News18 Assam | News18-Assam
Updated:September 12, 2020, 12:07 AM IST
কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰীয়ে উদ্বোধন কৰিলে বিদ্যা ভাৰতীৰ
অসমবাসীক নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পৰ্কে আভাস দিবলৈ সাজু শিশু শিক্ষা সমিতিঃ হেমন্ত ধিং মজুমদাৰ

অসমবাসীক নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পৰ্কে আভাস দিবলৈ সাজু শিশু শিক্ষা সমিতিঃ হেমন্ত ধিং মজুমদাৰ

  • News18 Assam
  • Last Updated: September 12, 2020, 12:07 AM IST
  • Share this:
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশংকে বিদ্যা ভাৰতীৰ দ্বাৰা কাৰ্যকৰী কৰা ‘মোৰ শিক্ষা-মোৰ ভাৰত’ "MyNEP" প্ৰতিযোগিতাৰ আজি উদ্বোধন কৰে৷ বিদ্যা ভাৰতীৰ দ্বাৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ জৰিয়তে শিক্ষা খণ্ডত হ’বলগীয়া সলনিৰ সন্দৰ্ভত প্ৰতিগৰাকী লোকৰ ওচৰলৈ নিয়াৰ প্ৰয়াস কৰি ১৩টা ভাষাত সৰ্বভাৰতীয় পৰ্যায়ত ২৫ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰ পৰ্যন্ত চলি থাকিব ৷ এই প্ৰতিযোগিতাক তিনি ভাগত বিভক্ত কৰা হৈছে ৷ প্ৰথম ভাগত নৱম মানৰ পৰা দ্বাদশ, দ্বিতীয় ভাগত স্নাতক পৰ্যায়ৰ ছাত্ৰ আৰু তৃতীয় পৰ্যায়ত সাধাৰণ লোকক সাঙুৰি ল’ব৷ সকলো প্ৰতিযোগিতাত সকলো বৰ্গৰ আৰু ভাষাৰ বাবে পুৰস্কাৰ থাকিব ৷ "MyNEP" কাৰ্যসূচীৰ জৰিয়তে ‘মিম মেকিং, পেইণ্টিং, পোষ্টাৰ নিৰ্মাণ, বক্তৃতা প্ৰদান, প্ৰধানমন্ত্ৰীলৈ পত্ৰ, ৰচনা লিখা, ডিজিটেল ডিজাইন, কুইজ আদি প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব৷

উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশংকই কয় যে, নতুন শিক্ষা নীতিয়ে আমাক প্ৰকৃতাৰ্থত ভাৰতীয় শিক্ষাৰ দিশে লৈ যাব ৷ ভাৰতকেন্দ্ৰিক শিক্ষাৰ দ্বাৰা ভাৰতীয় মূল্যবোধক লগত লৈ সপোনৰ আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰাতো সহজ হৈ পৰিব বুলিও তেওঁ মন্তব্য কৰে। 'মাতৃভাষাত শিক্ষা লাভ কৰি আমি আগুৱাই যাব পাৰিম আৰু মহান ভাৰতীয় ঐতিহ্যক বিশ্ব দৰবাৰত উজলাই তুলিবলৈ সমৰ্থ হ’ম। ইমানদিনে আমাৰ দেশত শিপাক পাহৰি পেলোৱা শিক্ষা প্ৰদান কৰি অহা হৈছিল। এতিয়া আৰু সেয়া সম্ভৱ নহ’ব। নতুন শিক্ষা নীতিৰ আমি আমাৰ শিপাক অনুধাৱন কৰিবলৈ সমৰ্থ হ’ম।’

বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী শ্ৰী শ্ৰীৰামে কয় যে, ‘আমদানীকৃত শিক্ষা ব্যৱস্থাৰ প্ৰভূত্বই আমাৰ শিক্ষা প্ৰণালীক ভিতৰি ভিতৰি নিঃশেষ কৰি পেলাইছিল৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে সমগ্ৰ শিক্ষাক জোৰ দি ইয়াক দূৰ কৰাৰ প্ৰয়াস কৰিছে ৷ য’ত ছাত্ৰই নিজ ব্যক্তিত্বক প্ৰকৃতাৰ্থত বিকাশ ঘটোৱাৰ সুযোগ লাভ কৰিব।

জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ উপচাৰ্য শ্ৰী এম জগদীশ কুমাৰে কয় যে, শিক্ষাৰ উদ্দেশ্যে হৈছে জ্ঞান বৃদ্ধি৷ যাৰ দ্বাৰা এক জ্ঞান আধাৰিত সমাজ গঢ় লওক৷ ভাৰতীয় সমাজ পৰম্পৰাগতভাৱে জ্ঞানৰ ওপৰত আধাৰিত সমাজ৷ কিন্তু বিদেশী শিক্ষা প্ৰণালী জাপি দিয়াত এয়া বিলুপ্ত হৈছে৷ জ্ঞান আধাৰিত সমাজ তৈয়াৰ কৰিবলৈ যি পৰিকল্পনা লাগে সেয়া নতুন ৰাষ্ট্ৰীয় নীতিত সংলগ্ন কৰা হৈছে আৰু এই ব্যৱস্থাই ভাৰতৰ গৌৰৱ পূৰ্ণ কৰাত সফল হ’ব৷’

ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰস্তুত কৰা সমিতিৰ প্ৰমুখ কে কস্তুৰীৰংগনে ভিডিঅ বাৰ্তাৰ জৰিয়তে বিদ্যা ভাৰতীৰ প্ৰতিযোগিতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে শিক্ষা নীতিৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে উল্লেখ কৰে।
Published by: Himangshu Bhuyan
First published: September 12, 2020, 12:07 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading