• Home
  • »
  • News
  • »
  • nation
  • »
  • Vidisha Tragic Accident : এটি শিশুক বচাবলৈ গৈ প্ৰায় ৪০জন লোক পৰিল কুঁৱাত, চাৰিজনৰ মৃত্যু, এতিয়ালৈ ২০জনক উদ্ধাৰ

Vidisha Tragic Accident : এটি শিশুক বচাবলৈ গৈ প্ৰায় ৪০জন লোক পৰিল কুঁৱাত, চাৰিজনৰ মৃত্যু, এতিয়ালৈ ২০জনক উদ্ধাৰ

কুঁৱা খহি পৰাৰ এই ঘটনাত এতিয়ালৈ ৪জন লোকৰ মৃত্যু হৈছে।

কুঁৱা খহি পৰাৰ এই ঘটনাত এতিয়ালৈ ৪জন লোকৰ মৃত্যু হৈছে।

কুঁৱা খহি পৰাৰ এই ঘটনাত এতিয়ালৈ ৪জন লোকৰ মৃত্যু হৈছে।

  • Share this:
মধ্য প্ৰদেশৰ বিদিশা জিলাত বৃহস্পতিবাৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। লাল পথাৰত কুঁৱাত পৰিছিল এটি শিশু। সেই শিশুটিক বচাবলৈ স্থানীয় লোকসকল যেতিয়া উপস্থিত হ’ল সমগ্ৰ কুঁৱাটোৱে খহি পৰে। কুঁৱাৰ আশে–পাশে বহু লোক গোট খাইছিল, যাৰ ফলত প্ৰায় ৪০জন লোক কুঁৱাত সোমাই পৰে। ঘটনাত আহত আৰু নিহতৰ তথ্য এতিয়ালৈ স্পষ্ট হোৱা নাই।

নিশা খবৰ লাভ কৰা অনুসৰি, উদ্ধাৰ অভিযান অব্যাহত আছে। কুঁৱা খহি পৰাৰ এই ঘটনাত এতিয়ালৈ ৪জন লোকৰ মৃত্যু হৈছে। আনহাতে, ১৫–২০জন লোক এতিয়াও তলত সোমাই থকাৰ সন্দেহ কৰা হৈছে। এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে ইয়াৰ উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়ে। এনডিআৰএফ বাহিনীয়ে উদ্ধাৰকাৰ্য অ‍ব্যাহত ৰাখিছে। ঘটনাক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী কমলনাথেও দুখ প্ৰকাশ কৰে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি কমলনাথে টুইট কৰিছে এই সন্দৰ্ভত। তেওঁ লিখিছে – ‘বিদিশা জিলাৰ গঞ্জবাছৌদাত বপহু লোক কুঁৱাত পৰাৰ খবৰ পোহৰলৈ আঙিছে। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে দুৰ্ঘটনাত পতিত সকলো লোক সুৰক্ষিত থাকক আৰু প্ৰশাসনে তৎপৰতাৰে চিকিৎসাৰ ব্যৱস্থা কৰক। উল্লেখযোগ্য যে যি সময়ত দুৰ্ঘটনা সংঘটিত হৈছিল সেই সময়ত মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানো বিদিশা জিলাত আছিল। তেওঁ শীঘ্ৰে এনডিআৰএফ ভূপালৰ দল আৰু বিষয়াক ঘটনাস্থলীত উপস্থিত কৰায়।
Published by:Sanjay Kumar Das
First published: