জে’লৰ ভিতৰত কয়দীৰ সুৰাৰ পাৰ্টী, হাতত পিষ্টল লৈ উঠিছে ফটো

ভিডিঅ’টোত কয়দী নিজৰ হাতত পিষ্টল লৈ ফটো উঠাৰ লগতে ভিডিঅ’ প্ৰস্তুত কৰা দেখা গৈছে। লগতে কাৰাগাৰৰ ভিতৰত চলি আছিল সুৰাৰ আড্ডা।

news18assam
Updated:June 27, 2019, 12:07 PM IST
জে’লৰ ভিতৰত কয়দীৰ সুৰাৰ পাৰ্টী, হাতত পিষ্টল লৈ উঠিছে ফটো
ভিডিঅ’টোত কয়দী নিজৰ হাতত পিষ্টল লৈ ফটো উঠাৰ লগতে ভিডিঅ’ প্ৰস্তুত কৰা দেখা গৈছে। লগতে কাৰাগাৰৰ ভিতৰত চলি আছিল সুৰাৰ আড্ডা।
news18assam
Updated: June 27, 2019, 12:07 PM IST
উত্তৰ প্ৰদেশত আইন–ব্যৱস্থাৰ চূড়ান্ত অৱনতিৰ কথা প্ৰমাণিত কৰিছে এটা ভিডিঅ’ আৰু কিছু ফটোৱে। শেহতীয়াকৈ পোহৰলৈ আহিছে উন্নাও কাৰাগাৰৰ ভিতৰৰ এটা ভিডিঅ’। এই ভিডিঅ’টোত কুখ্যাত অপৰাধীয়ে মুকলিকৈ মাৰণাস্ত্ৰৰ সৈতে ফটো উঠা আৰু সুৰাপান কৰি থকা দেখা গৈছে।

জে’লৰ ভিতৰত আইন–ব্যৱস্থাক ভেঙুচালি কৰা এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত আৰক্ষী আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়া কাৰাগাৰত উপস্থিত হয়। এই ঘটনাৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে আৰক্ষী আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়াই।

ভিডিঅ’টোত কয়দী নিজৰ হাতত পিষ্টল লৈ ফটো উঠাৰ লগতে ভিডিঅ’ প্ৰস্তুত কৰা দেখা গৈছে। লগতে কাৰাগাৰৰ ভিতৰত চলি আছিল সুৰাৰ আড্ডা। টেবুলৰ ওপৰত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ লগতে সুৰাৰ বটল দেখা গৈছে। মুকলিভাৱেই সুৰাপান কৰি থকা দেখা গৈছে কয়দীক।




এই ঘটনা সন্দৰ্ভত কাৰাগাৰ অধীক্ষক এ কে সিঙে কয় যে সমগ্ৰ ঘটনাৰ প্ৰতিবেদন প্ৰস্তুত কৰি উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰা হৈছে। ঘটনাত জড়িত কোনো লোককে ৰেহাই দিয়া নহ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি