কেপ্টেইন অমৰিন্দৰ সিঙৰ পদত্যাগৰ পিছত পঞ্জাবৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ইতিমধ্যে ঘোষণা কৰাৰ পিছত কাইলৈ শপতগ্ৰহণৰ বাবে সাজু হৈছে কংগ্ৰেছ বিধায়ক চৰণজিৎ সিং চান্নী। কাইলৈ ১১ বজাত তেওঁৰ শপতগ্ৰহণৰ সময় নিৰ্ধাৰণ কৰা হৈছে। চান্নীৰ প্ৰতি ৰাহুল গান্ধীকে ধৰি বিভিন্নগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে, নিজৰ বাসভৱন তথা সমষ্টিতো মুখ্যমন্ত্ৰিত্ব প্ৰাপ্তিক লৈ আনন্দৰ শোভাযাত্ৰা আৰম্ভ হৈছে।
কিন্তু ইয়াৰ মাজতে চৰণজিৎ সিং চান্নীক লৈ ভাইৰেল হৈছে এটা পুৰণি ভিডিঅ'। হঠাতে ভাইৰেল হৈ পৰা এই ভিডিঅ'টো চৰণজিৎ সিং চান্নী শিক্ষামন্ত্ৰী হৈ থকা সময়ৰ। ভিডিঅ'টোত চান্নীক দেখা গৈছিল দুগৰাকী প্ৰবক্তাৰ নিযুক্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা এটা বিশেষ পদ্ধতি অৱলম্বন কৰা। ইয়াৰ বাবে তেওঁ টছ কৰি ভাগ্যপৰীক্ষাৰ ভিত্তিত সিদ্ধান্তত উপনীত হৈছিল।
Punjab New CM Charanjit Singh Channi, uses coin to decide transfer case ?? pic.twitter.com/LSrTHI1YCV
— BALA (@erbmjha) September 19, 2021
এতিয়া মুখ্যমন্ত্ৰী ৰূপে তেওঁৰ নামকেই প্ৰস্তাৱ কৰাৰ পিছত এই ভিডিঅ' ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। ইয়াৰ উপৰি কিছু বিতৰ্কৰ সৈতে সাঙোৰ খাই আছে চান্নীৰ নাম। তেওঁৰ বিৰুদ্ধে ২০১৮ চনত এগৰাকী মহিলা প্ৰশাসনিক বিষয়াৰ দ্বাৰা Me Tooৰ অধীনত অভিযোগ অনা হৈছিল।
উল্লেখ্য, চান্নীৰ নাম মুখ্যমন্ত্ৰী ৰূপে উচ্চাৰিত হোৱাৰ পিছত কিছু বিতৰ্কই একেদৰে কংগ্ৰেছকো আগুৰি নধৰা নহয়। সেয়া যি কি নহওক, কাইলৈ মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব লগা চৰণজিৎ সিং চান্নী পঞ্জাৱৰ চামকৌৰ চাহিব বিধানসভা সমষ্টিৰ পৰা জয়ী হৈছিল। আৰু তেওঁ কাইলৈ ৰাজ্যখনৰ প্ৰথম দলিত শিখ মুখ্যমন্ত্ৰী ৰূপে বিবেচিত হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।