প্ৰধানমন্ত্ৰী মোদীৰ এই কাশী যাত্ৰাৰ এক ভিডিঅ’ প্ৰকাশ পাইছে। ভিডিঅ’টোত মোদীৰ কনভয় কাশীৰ এটা গলিৰে যোৱা দেখা গৈছে। পথত ছটিয়াই দিয়া হৈছে ফুল। মানুহে ‘মোদী মোদী’ ধ্বনি দিছে। চাৰিওফালে গুঞ্জৰিত হৈছে ‘হৰ হৰ মহাদেৱ’ ধ্বনি। ঘৰৰ পৰা ফুল ছটিওৱা হৈছে। ইয়াৰ মাজতে পথৰ কাষত বহুসংখ্যক লোকে মোদীক স্বাগতম জনাবলৈ ৰৈ থকা দেখা গৈছে। ভিডিঅ’ত দেখা গৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ কনভয় আগবঢ়াৰ সময়ত এজন বয়োজ্যেষ্ঠ ব্যক্তিক পথৰ কাষত ৰৈ থকা দেখা গৈছে। হাতত কেছৰিয়া পাগুৰি লৈ আছে লোকজনে। তেওঁ নিজৰ হাতেৰে প্ৰধানমন্ত্ৰী মোদীক এই পাগুৰি পিন্ধাব বিচাৰিছিল। কিন্তু নিৰাপত্তাজনিত কাৰণত নিৰাপত্তাৰক্ষীয়ে তেওঁক বাধা প্ৰদান কৰে।
#WATCH | Locals gave a rousing welcome to PM Narendra Modi, showering flower petals and raising slogans of 'Modi, Modi' & 'Har Har Mahadev' in his parliamentary constituency Varanasi
The PM is on a two-day visit to the city to inaugurate Kashi Vishwanath Corridor project pic.twitter.com/155VrYjEpT