• Home
  • »
  • News
  • »
  • nation
  • »
  • প্ৰশিক্ষণ শিবিৰত শিক্ষক–শিক্ষয়িত্ৰীৰ ‘নাগিন ডান্স’, ভিডিঅ’ ভাইৰেল হোৱাত ঘটিল বিপদ!

প্ৰশিক্ষণ শিবিৰত শিক্ষক–শিক্ষয়িত্ৰীৰ ‘নাগিন ডান্স’, ভিডিঅ’ ভাইৰেল হোৱাত ঘটিল বিপদ!

প্ৰায় ১০ দিন পূৰ্বে এই ঘটনাটো সংঘটিত হৈছিল। প্ৰশিক্ষণ শিবিৰত নৃত্যৰ ভিডিঅ’ ৰেকৰ্ড কৰা হৈছিল ম’বাইল কেমেৰাত।

  • Share this:
চৰকাৰী বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰীৰ নাগিন ডান্সৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত! প্ৰশিক্ষণ শিবিৰত একাংশ শিক্ষক–শিক্ষয়িত্ৰীয়ে কৰিলে নৃত্য। প্ৰশিক্ষণ শিবিৰৰ মাজতে শিক্ষক–শিক্ষয়িত্ৰীৰ এই নৃত্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। সকলোৱে আনন্দতে কৰা এই নৃত্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাতহে ঘটিল মহাবিপদ!

ঘটনাটো ৰাজস্থানৰ জালোৰৰ। প্ৰায় ১০ দিন পূৰ্বে এই ঘটনাটো সংঘটিত হৈছিল। প্ৰশিক্ষণ শিবিৰত নৃত্যৰ ভিডিঅ’ ৰেকৰ্ড কৰা হৈছিল ম’বাইল কেমেৰাত। ছচিয়েল মিডিয়াত ভিডিঅ’টো আপলোড কৰাত মুহূৰ্ততে ভাইৰেল হৈ পৰে। শিক্ষক–শিক্ষয়িত্ৰীৰ কৰ্মকাণ্ড দেখি হতবাক কৰ্তৃপক্ষ। লগে লগে এজন শিক্ষকক বৰ্খাস্ত কৰা হয়। বাকী দুজনক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হয়। কৰ্তৃপক্ষৰ মতে, নীতি–নিয়ম মানি কাম উচিত আছিল শিক্ষক–শিক্ষয়িত্ৰীসকলে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: