• Home
  • »
  • News
  • »
  • nation
  • »
  • এয়া কি! নিশাৰ অন্ধকাৰত ৰাজপথত চলিছে আৰোহীবিহীন বাইক, চাওক ভিডিঅ’

এয়া কি! নিশাৰ অন্ধকাৰত ৰাজপথত চলিছে আৰোহীবিহীন বাইক, চাওক ভিডিঅ’

Photo Courtesy- Twitter/Video Grab

Photo Courtesy- Twitter/Video Grab

আচৰিতভাৱে বাইকখনত নাছিল কোনো আৰোহী। টাৰ্নিং লোৱাৰ সময়তে বাগৰি পৰে বাইকখন।

  • Share this:
ৰাস্তাত পাৰ্কিং কৰি থোৱা বাইক হঠাতে চলিবলৈ আৰম্ভ কৰিলে। এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। অম্বৰ জাইদিয়ে শ্বেয়াৰ কৰা ৩০ ছেকেণ্ডৰ এই ভিডিঅ’ প্ৰত্যক্ষ কৰি অবাক হৈ পৰিব আপুনিও।

জাইদিয়ে পোষ্ট কৰা ভিডিঅ’ত দেখা গৈছে দুখন বাইক এটা ৰাস্তাৰ কাষত পাৰ্ক কৰা আছিল। এটা ঘৰৰ কাষত থকা ৰাস্তাটোত ৰখাই থোৱা দুখন বাইকৰ এখন হঠাৎ চলিবলৈ আৰম্ভ কৰে। এটা টাৰ্নিং লোৱালৈকে বাইকখন চলিছিল। আচৰিতভাৱে বাইকখনত নাছিল কোনো আৰোহী। টাৰ্নিং লোৱাৰ সময়তে বাগৰি পৰে বাইকখন।


জাইদিয়ে নিজৰ পোষ্টত লিখিছে, এই দৃশ্য যদি কেমেৰাত আবদ্ধ নহ’লেহেঁতেন কোনোৱে বিশ্বাস নকৰিলেহেঁতেন।
Published by:Sanjay Kumar Das
First published: