মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»‘চকুলো মচা ভনী, কিতাপ নতুন আহিব, ঘৰো নতুন হ’ব’ – বানে সকলো শেষ কৰা ছত্তীশগড়ৰ যুৱতীৰ কাষত ছনু সুদ

‘চকুলো মচা ভনী, কিতাপ নতুন আহিব, ঘৰো নতুন হ’ব’ – বানে সকলো শেষ কৰা ছত্তীশগড়ৰ যুৱতীৰ কাষত ছনু সুদ

News18 Assam | News18-Assam
Updated:August 20, 2020, 9:40 AM IST
‘চকুলো মচা ভনী, কিতাপ নতুন আহিব, ঘৰো নতুন হ’ব’ – বানে সকলো শেষ কৰা ছত্তীশগড়ৰ যুৱতীৰ কাষত ছনু সুদ
এই ঘটনাত আকৌ এবাৰ ছনু সুদক প্ৰশংসাৰে ওপচালে বহু লোকে।

এই ঘটনাত আকৌ এবাৰ ছনু সুদক প্ৰশংসাৰে ওপচালে বহু লোকে।

  • Share this:
বানত ভাহিছে দেশৰ বিভিন্ন ৰাজ্য। বহু লোকে হেৰুৱাইছে নিজৰ ঘৰ–বাৰী। বানত বিধ্বস্ত ছত্তীশগড়ো। বানত ঘৰ–বাৰী ভাঙি গৈছে বহু মানুহৰ। অসহায় অৱস্থাত দিন কটাইছে বহু লোকে। সম্প্ৰতি ছচিয়েল মিডিয়াত ছত্তীশগড়ৰ বিজপুৰৰ কমলা গাঁৱৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।

ভিডিঅ’ত দেখা গৈছে বানত উটি গৈছে ঘৰ। কিছু সা–সামগ্ৰী পানীৰ পৰা ৰক্ষা কৰিছে পৰিয়ালটোৱে। সেই সামগ্ৰীৰ পৰা তিতি যোৱা কিতাপসমূহ এখন এখন উলিয়াইছে এগৰাকী যুৱতীয়ে। টুইটাৰত শ্বেয়াৰ হোৱা ভিডিঅ’ত লিখা হৈছে, যুৱতীগৰাকীৰ নাম অঞ্জলি। নিজৰ স্কুলৰ কিতাপসমূহ বচোৱাৰ চেষ্টা কৰিছে। সকলো কিতাপ তিতি নষ্ট হোৱাৰ বাবে কান্দোনত ভাগি পৰিছে যুৱতীগৰাকী। এই ভিডিঅ’ শ্বেয়াৰ কৰি বহুতে ছনু সুদক টেক কৰি সাহায্য বিচাৰিছে।



যুৱতীগৰাকীৰ কান্দোন দেখি থাকিব নোৱাৰিলে বাস্তৱৰ হিৰ’ ছনু সুদ। তেওঁ ভিডিঅ’টো ৰিটুইট কৰি লিখিলে, ‘চকুপানী মচি পেলা ভনী। কিতাপো নতুন আহিব, ঘৰো নতুন হ’ব।’ ছত্তীশগড়ৰ যুৱতীগৰাকীৰ কাষত থিয় হ’ল ছনু সুদ। এই ঘটনাত আকৌ এবাৰ ছনু সুদক প্ৰশংসাৰে ওপচালে বহু লোকে।
Published by: Sanjay Kumar Das
First published: August 20, 2020, 9:40 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি