কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ প্ৰায়ে থাকে চৰ্চাত। এইবাৰ ভাইৰেল হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৃত্য কৰা এটা ভিডিঅ’। এসময়ত সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী স্মৃতি ইৰাণীয়ে ‘তলৱাৰ ৰাস’ ত কৰিলে নৃত্য প্ৰদৰ্শন। কেন্দ্ৰীয় বস্ত্ৰ, মহিলা আৰু শিশু কল্যান মন্ত্ৰী স্মৃতি ইৰাণীয়ে গুজৰাটৰ ভাৱনগৰত এক বিশেষ চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল। পিছত অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ‘তলৱাৰ নৃত্য’ ত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।
#WATCH Gujarat: Union Minister Smriti Irani performs ‘talwar raas’, a traditional dance form using swords, at a cultural programme in Bhavnagar. (15.11.19) pic.twitter.com/xBgZyDHG45