২০০২ বৰ্ষত গুজৰাটত হোৱা সংঘৰ্ষ সময়ত দলবদ্ধ ধৰ্ষণ আৰু পৰিয়ালৰ কেইবাজনো সদস্যক হত্যা কৰাৰ ঘটনাৰ দোষত আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা ১১ জন দোষীক মুক্তি দিয়াৰ পিছত ভুক্তভূগী বিলকিছ বানোৰ এক মন্তব্য পোহৰলৈ আহিছে। বিলকিছে বুধবাৰে কৈছিল যে দোষীক মুক্তি দিয়া পদক্ষেপে ন্যায়ৰ ওপৰত তেওঁৰ বিশ্বাস হ্ৰাস পাইছে। লগতে তেওঁ কয় যে, দুদিন আগতে অৰ্থাৎ ১৫ আগষ্টৰ, ২০২২ তাৰিখে বিগত ২০ বছৰ পূৰ্বে সংঘটিত হোৱা ঘটনাৰ দুখ পুনৰ জাগি উঠে যেতিয়া তেওঁ শুনিছিল যে তেওঁৰ পৰিয়াল আৰু তেওঁ জীৱন ধ্বংস কৰা আৰু তেওঁৰ ৩ বছৰীয়া ছোৱালীজনীক তেওঁৰ পৰা কাঢ়ি নিয়া ১১ জন দোষীক মুক্ত কৰা হৈছে। বিলকিছে ক'লে, ‘মোৰ ক'বলৈ শব্দ নাই। মই স্থিৰ। মই কেৱল ক'ব পাৰোঁ - এগৰাকী মহিলাৰ বাবে ন্যায় কেনেকৈ এনেদৰে শেষ হ'ব পাৰে? মই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ক বিশ্বাস কৰিছিলো, মই ন্যায় প্ৰক্ৰিয়াক বিশ্বাস কৰিছিলো আৰু মই লাহে লাহে এই ডাঙৰ আঘাতৰ সৈতে জীয়াই থাকিবলৈ অভ্যস্ত হৈ পৰিছিলো।’
তেওঁ কৈছিল যে, ‘এই দোষীসকলৰ মুক্তিয়ে মোৰ জীৱনৰ শান্তি কাঢ়ি লৈছে আৰু ন্যায়ৰ ওপৰত মোৰ বিশ্বাস হ্ৰাস কৰিছে। মোৰ দুখ আৰু দোদুল্যমান বিশ্বাস কেৱল মোৰ বাবে নহয়, কিন্তু আদালতত ন্যায়ৰ বাবে যুঁজি থকা প্ৰতিগৰাকী মহিলাৰ বাবে। ইমান ডাঙৰ আৰু অন্যায় সিদ্ধান্ত লোৱাৰ আগতে কোনেও মোৰ সুৰক্ষা আৰু কল্যাণৰ বিষয়ে চিন্তা কৰা নাছিল। মই গুজৰাট চৰকাৰক সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছো।’
তেওঁ কৈছিল যে চৰকাৰৰ এই সিদ্ধান্ত শুনি তেওঁ হতাশাগ্ৰস্ত হৈছিল। ‘মোৰ ওচৰত শব্দ নাই। দোষীৰ মুক্তিয়ে মোৰ শান্তি বিঘ্নিত কৰিছে আৰু মই ন্যায়ৰ ওপৰত বিশ্বাস হেৰুৱাইছো।’
গুৰুত্বপূৰ্ণ বিষয় যে, গুজৰাটৰ চৰকাৰে নিজৰ ক্ষমা নীতিৰ অধীনত আটাইকেইজন দোষীক মুক্তি দিবলৈ মান্তি হৈছিল। মুম্বাইত চিবিআইৰ এক বিশেষ আদালতত ১১ টা দোষীক বিলকিছ বানোৰ সৈতে দলবদ্ধ ধৰ্ষণ কৰা আৰু তাইৰ পৰিয়ালৰ ১৪জন লোকক হত্যা কৰাৰ দোষত বিগত ২০০৮ চনৰ ২১ জানুৱাৰী তাৰিখে আজীৱন কাৰাদণ্ড ঘোষণা কৰিছিল। মন কৰিব লগীয়া যে, বোম্বাই উচ্চ ন্যায়ালয়ে পাছত দোষীকেইজনৰ শাস্তি বাহাল ৰাখিছিল।
উল্লেখযোগ্য যে, সোমবাৰে ভাৰতবৰ্ষই স্বাধীনতাৰ ৭৫তম বৰ্ষ সম্পূৰ্ণ কৰে আৰু উক্ত দিনা দেশৰ প্ৰধানমন্ত্ৰীয়ে নিজ ভাষণত নাৰী শক্তিক প্ৰশংসা কৰিছিল। তাৰ কিছু ঘণ্টা পাছত গুজৰাটৰ চৰকাৰ লোৱা নিজৰ ক্ষমা নীতিৰ অধীনত ধৰ্ষণকাৰীকেইটাক ৰেহাই দিয়া ঘটনাই ভুক্তভূগীক বাৰুকৈয়ৈ হতাশ কৰিছে আৰু লগতে তেওঁ আতংকিত হৈছে নিজৰ তথা পৰিয়ালৰ সুৰক্ষাক লৈ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|