আজি অনুষ্ঠিত হ’ব দেশৰ উপ–ৰাষ্ট্ৰপতি নিৰ্বাচন। পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ সংসদ ভৱনত অনুষ্ঠিত হ’ব নিৰ্বাচন। কোন হ’ব দেশৰ পৰৱৰ্তী উপ–ৰাষ্ট্ৰপতি, সেয়া স্পষ্ট হ’ব পাৰে আজি সন্ধিয়াই। মূল যুঁজ হ’ব এনডিএ প্ৰাৰ্থী জগদীপ ধনখড় আৰু বিৰোধী প্ৰাৰ্থী মাৰ্গাৰেট আলভাৰ মাজত।
নিৰ্বাচনী কলেজত ৭৮০জন সাংসদ আছে, লোকসভাত ৫৪৩জন আৰু ৰাজ্যসভাত ২৪৫জন। উচ্চ সদনৰ আঠসন আসন শূন্য আৰু তৃণমূল কংগ্ৰেছৰ ৩৬জন সাংসদে ভোটদানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে, যাৰ ফলত ৭৪৪জন সাংসদে ভোটদান কৰিব বুলি আশা কৰা হৈছে। এনডিএৰ ৪৪১জন সাংসদ আছে, যাৰ ভিতৰত বিজেপিৰ ৩৯৪জন। পাঁচজন মনোনীত সাংসদে এনডিএ প্ৰাৰ্থীকে সমৰ্থন কৰিব।
ৰাজনৈতিক বিশ্লেষকসকলৰ অনুমান ৫২৭টা ভোট পাব পাৰে ধনখড়ে, যিটো জয়ৰ বাবে প্ৰয়োজনীয় ৩৭২টা ভোটৰ সংখ্যাতকৈ বহু বেছি। সকলো মিলাই মুঠ ভোটৰ ৭০ শতাংশই যাব পাৰে ধনখড়েৰ পক্ষত। মাৰ্গাৰেট আলভাই পাব পাৰে ২৬ শতাংশ ভোট বা প্ৰায় ২০০টা ভোট। কংগ্ৰেছ, এমকে ষ্টালিনৰ ডিএমকে, লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল, শাৰদ পাৱাৰৰ এনচিপি আৰু অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টী আৰু বাওঁ দলসমূহৰ সমৰ্থন পাব মাৰ্গাৰেটে। ইয়াৰ উপৰি ঝাৰখণ্ড মুক্তি মৰ্চা, তেলেংগানা ৰাষ্ট্ৰ সমিতি, আম আদমি পাৰ্টী আৰু শিৱসেনাৰ উদ্ধৱ থাকৰে গোষ্ঠীৰ ৯জন সাংসদে মাৰ্গাৰেট আলভাক সমৰ্থন কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 06, 2022, 09:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।