মুখ্যপৃষ্ঠা »খবৰ »দেশ »Vice Presidential Election: পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখৰ হ'ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ NDA প্ৰাৰ্থী

Vice Presidential Election: পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখৰ হ'ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ NDA প্ৰাৰ্থী

Vice Presidential Election: দলৰ সংসদীয় ব’ৰ্ডৰ এখন বৈঠকৰ পিছতে ৭১ বছৰীয়া ধনখৰৰ প্ৰাৰ্থীত্ব ঘোষণা কৰে বিজেপিৰ সভাপতি জে পি নাড্ডাই।

  • Share this:
শনিবাৰে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন NDAই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখৰ (Jagdeep Dhankhar)ৰ নাম ঘোষণা কৰে ।

দলৰ সংসদীয় ব’ৰ্ডৰ এখন বৈঠকৰ পিছতে ৭১ বছৰীয়া ধনখৰৰ প্ৰাৰ্থীত্ব ঘোষণা কৰে বিজেপিৰ সভাপতি জে পি নাড্ডাই। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন (vice presidential election)ৰ বাবে দলটোৰ প্ৰাৰ্থী বাছনি কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (োীাল্ীো শদ্গ), কেন্দ্ৰীয় জ্যেষ্ঠ মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে অংশগ্ৰহণ কৰে।

ৰাজস্থানৰ ঝুনঝুনু জিলাত জন্মগ্ৰহণ কৰা ধনখৰে ১৯৮৯ চনত ঝুনঝুনু সংসদীয় সমষ্টিৰ পৰা নৱম লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯০ চনত কেন্দ্ৰীয় মন্ত্ৰী আৰু এখন সংসদীয় সমিতিৰ অধ্যক্ষ হৈছিল।

তাৰ পিছত ১৯৯৩-১৯৯৮ চনত আজমেৰ জিলাৰ কিষানগড় সমষ্টিৰ পৰা ৰাজস্থান বিধানসভালৈ নিৰ্বাচিত হয়।

শেহতীয়া বাতৰি