• Home
  • »
  • News
  • »
  • nation
  • »
  • Mission Paani: দেশবাসীক বৰষুণৰ পানী সংৰক্ষণৰ বাবে আহ্বান জনালে উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে

Mission Paani: দেশবাসীক বৰষুণৰ পানী সংৰক্ষণৰ বাবে আহ্বান জনালে উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে

মিছন পানীৰ এক বিশেষ কাৰ্যসূচীত উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কয় যে, নিটি আয়োগে উল্লেখ কৰিলে যে, ২০৩০ৰ ভিতৰত ভাৰতবৰ্ষত পানীৰ অভাৱ হোৱাৰ সম্ভাৱনা আছে। যি অত্যন্ত চিন্তনীয়। এতিয়া ‘চলি যাব’ দৰে মনোভাৱ ত্যাগ কৰিব লাগিব।

  • Share this:
দেশত পানী সংৰক্ষণৰ বাবে নেটৱৰ্ক১৮ৰ কাৰ্যসূচী ‘মিছন পানী’ এতিয়া দেশজুৰি চৰ্চিত। বৃহস্পতিবাৰে উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কয় যে, দেশৰ অন্যান্য বাতৰি চেনেলেও পানীৰ বাবে এনেধৰণৰ এক উদ্যোগ হাতত ল’ব লাগে। উপ ৰাষ্ট্ৰতিগৰাকীয়ে কয় যে, ‘পানীৰ বাবে ‘চলি যাব’ মনোভাব দেশবাসীয়ে এতিয়া ত্যাগ কৰিব লাগিব।’ পানীৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ‘আমাৰ প্ৰথম লক্ষ্য হ’ব লাগে, যা’তে সকলোৱে সম ভাবে বিশুদ্ধ পানী লাভ কৰিবলৈ সক্ষম হয়।’

ভৱিষ্যত প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি বৰষুণৰ পানী সংৰক্ষণ বৰ্তমান সময়ত অত্যন্ত প্ৰয়োজন বুলি মতপোষণ কৰে উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে। তেওঁ লগতে কয় যে, নিটি আয়োগে উল্লেখ কৰিলে যে, ২০৩০ৰ ভিতৰত ভাৰতবৰ্ষত পানীৰ অভাৱ হোৱাৰ সম্ভাৱনা আছে। যি অত্যন্ত চিন্তনীয়। গতিকে আমি এতিয়াৰ পৰাই সচেতন হ’ব লাগিব।’

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে, এই ক্ষেত্ৰত আমি একেলগে আগবাঢ়িব লাগিব। পানী সংৰক্ষণ কৰা পদ্ধতি সমূহৰ বিষয়ে জানিব লাগিব। বৰষুণৰ পানী সংৰক্ষণত বিশেষ ভাবে গুৰুত্ব দিব লাগিব। দেশ আৰু সমাজৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰিব লাগিব। পানীৰ সমস্যা আমি দূৰ কৰিব লাগিব। উপ ৰাষ্ট্ৰপতিগৰাকীৰ মতে, এই কাম কেৱল চৰকাৰৰ নহয়।
Published by:Himangshu Bhuyan
First published: