জ্ঞানপীঠ বঁটা বিজয়ী গিৰিশ কাৰ্নাডৰ দেহাৱসান, ১০ বাৰকৈ লাভ কৰিছিল নেচনেল ফিল্ম এৱাৰ্ড

দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল বলীউডৰ অভিনেতাগৰাকী। কেইবাবাৰো হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গিৰিশ কাৰ্নাডক।

Dulu Medhi | news18assam
Updated:June 10, 2019, 10:56 AM IST
জ্ঞানপীঠ বঁটা বিজয়ী গিৰিশ কাৰ্নাডৰ দেহাৱসান, ১০ বাৰকৈ লাভ কৰিছিল নেচনেল ফিল্ম এৱাৰ্ড
দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল বলীউডৰ অভিনেতাগৰাকী। কেইবাবাৰো হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গিৰিশ কাৰ্নাডক।
Dulu Medhi | news18assam
Updated: June 10, 2019, 10:56 AM IST
প্ৰখ্যাত নাট্যকাৰ আৰু অভিনেতা, পৰিচালক গিৰিশ কাৰ্নাডৰ শেষ নিশ্বাস ত্যাগ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল নাট্যকাৰগৰাকী। বেংগালুৰুৰ বাসভৱনত আজি পুৱা মৃত্যু হয় জ্ঞানপীঠ বঁটা বিজয়ী কাৰ্নাডৰ। চিনেমা জগতৰ পুৰোধা ব্যক্তি গিৰিশ কাৰ্নাড। ১৯৯৮ চনত জ্ঞানপীঠ বঁটাৰে সন্মানীত হৈছিল বলীউডৰ অভিনেতাগৰাকী। ১৯৩৮ চনৰ ১৯ মে’ত মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰিছিল প্ৰখ্যাত নাট্যকাৰগৰাকী।



মন্থন আৰু পুকাৰৰ দৰে কালজয়ী চিনেমা পৰিচালনা তথা অভিনয় কৰিছিল গিৰিশ কাৰ্নাডে। দক্ষিণ ভাৰতীয় ৰংগমঞ্চ আৰু ছবিজগতৰ পিতামহৰূপে খ্যাত আছিল অভিনেতাগৰাকী।

আৰ কে নাৰায়নৰ
‘মালগুড়ি ডেইজ’
ত তেওঁ স্বামীৰ পিতৃৰ ভূমিকা পালন কৰিছিল। তেওঁ লিখা হয়াবদনা, য়য়াতি, তুগলকৰ দৰে নাটক কৰ্ণাটক আৰু অন্য ৰাজ্যসমূহত বিদ্যালয়ৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হৈছিল।

আৰু চাওক পৰৱৰ্তী বাতৰি