প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। শেহতীয়াকৈ পিঠিত পেশী টানি ধৰাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল অভিনেতাজনক। কিন্তু কিছুসময় হাস্পতালত থকাৰ পিছতে ঘৰলৈ যাবলৈ অনুমতি দিয়ে ধৰ্মেন্দ্ৰক।
খবৰ অনুসৰি কৰণ জোহৰৰ ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানীৰ শ্বুটিং কৰি থকা ধৰ্মেন্দ্ৰক মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
অভিনেতাজনে দেওবাৰে নিশ্চিত কৰিছিল যে, তেওঁ চিকিৎসালয়ৰ পৰা অব্যাহতি পাইছিল আৰু বৰ্তমান সুস্থ হৈ আছে। তেওঁ টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল, য'ত তেওঁ তেওঁৰ অনুৰাগী আৰু অনুসৰণকাৰীসকলক জনাইছিল যে, তেওঁ তেওঁলোকৰ "শুভকামনা" আৰু "আশীৰ্বাদ" লৈ ঘৰলৈ উভতি আহিছে। ক্লিপটোত, ধৰ্মেন্দ্ৰই প্ৰকাশ কৰিছিল যে, তেওঁ "পিঠিৰ বিষত ভুগিছিল। আৰু তাৰ পিছত তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছিল। "গতিকে, চিন্তা নকৰিব। মই এতিয়া অধিক সাৱধান হ'ম,"। ধৰ্মেন্দ্ৰই লগতে তেওঁৰ অনুৰাগীসকলক উৰাবাতৰিৰ প্ৰতি মনোযোগ নিদিবলৈ অনুৰোধ কৰিছিল।
শীঘ্ৰে ধৰ্মেন্দ্ৰক ২০০৭ চনৰ আপনে চলচ্চিত্ৰৰ চিকুৱেলত দেখা যাব। চলচ্চিত্ৰখনত ধৰ্মেন্দ্ৰৰ লগতে দুই পুত্ৰ ছানী আৰু ববিয়েও অভিনয় কৰিছে। ছবিখনত তেওঁৰ নাতি কৰণ দেওলকো দেখুওৱা হ'ব। ইয়াৰ উপৰিও, ধৰ্মেন্দ্ৰ ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানিৰ এটা অংশ, যাৰ দৃশ্যগ্ৰহণ বৰ্তমান চলি আছে। ছবিখনত আলিয়া ভট্ট, ৰণবীৰ সিং, জয়া বচ্চন আৰু শ্বাবানা আজমীয়েও অভিনয় কৰিছে। ২০২৩ চনৰ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব ছবিখন।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|