• Home
  • »
  • News
  • »
  • nation
  • »
  • প্ৰবীণ অভিনেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কৃষ্ণম ৰাজুৰ ৮৩ বছৰ বয়সত দেহাৱসান

প্ৰবীণ অভিনেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কৃষ্ণম ৰাজুৰ ৮৩ বছৰ বয়সত দেহাৱসান

ৰাজু আছিল ‘বাহুবলী’ৰ তাৰকা প্ৰভাসৰ ককাক।

ৰাজু আছিল ‘বাহুবলী’ৰ তাৰকা প্ৰভাসৰ ককাক।

ৰাজু দুবাৰকৈ লোকসভাৰ সদস্য আছিল আৰু অটল বিহাৰী বাজপেয়ী চৰকাৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

  • Share this:
চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, দেওবাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰবীণ অভিনেতা উপলপতি কৃষ্ণম ৰাজুৱে এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু তিনিগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়।
ৰাজু আছিল ‘বাহুবলী’ৰ তাৰকা প্ৰভাসৰ ককাক।

চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, তেওঁ ক’ভিড-১৯ৰ পৰৱৰ্তী পৰ্যায়ৰ ৰোগত আক্ৰান্ত হৈ আছিল। ৫ আগষ্টত তেওঁ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ৰাজু দুবাৰকৈ লোকসভাৰ সদস্য আছিল আৰু অটল বিহাৰী বাজপেয়ী চৰকাৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

‘ৰিবেল ষ্টাৰ’ নামেৰে পৰিচিত ৰাজুৱে ১৮০ খনতকৈও অধিক ছবিত অভিনয় কৰিলে আৰু তেওঁৰ বিদ্ৰোহী চৰিত্ৰসমূহৰ সৈতে ট্ৰেণ্ডছেটাৰ হৈয়েই থাকিল। ১৯৬৬ চনত তেলেগু চলচ্চিত্ৰ 'চিলাকা গোৰিংকা'ৰ জৰিয়তে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰে।

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে এক বিবৃতিত তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে। পঞ্চাশ বছৰীয়া অভিনয় কেৰিয়াৰত বহু চলচ্চিত্ৰত নায়ক হিচাপে অভিনয় কৰি নিজৰ অদম্য অভিনয় শৈলীৰে ‘ৰিবেল ষ্টাৰ’ ৰূপে চিনেমা দৰ্শকৰ হৃদয় জয় কৰা কৃষ্ণম ৰাজুৰ মৃত্যু তেলেগু ৰূপালী পৰ্দাৰ বাবে এক বৃহৎ ক্ষতি। তেওঁ আৰু কয় যে কৃষ্ণম ৰাজুৱে লোকসভাৰ সদস্য হিচাপে, কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আৰু ৰাজনৈতিক প্ৰশাসনৰ ক্ষেত্ৰৰ জৰিয়তে দেশবাসীক সেৱা আগবঢ়াইছিল।

প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি তেলেংগানা বিজেপিৰ মুৰব্বী বণ্ডী সঞ্জয় কুমাৰে এক বিবৃতিত কয় যে কৃষ্ণম ৰাজুৰ মৃত্যু মৰ্মান্তিক আৰু বিজেপি, তেলেগু চলচ্চিত্ৰ উদ্যোগ আৰু জনসাধাৰণৰ বাবে এক বৃহৎ ক্ষতি।

চিকিৎসাধীন হৈ থকা এ আই জি হাস্পতাল কৰ্তৃপক্ষই এক বিবৃতিত কয় যে যোৱা ৫ আগষ্টত কভিড-পৰৱৰ্তী জটিলতাৰ বাবে তেওঁক ভৰ্তি কৰা হৈছিল। চিকিৎসালয়ত থকাৰ সময়ছোৱাত তেওঁৰ হৃদযন্ত্ৰৰ ছন্দত ব্যাঘাত জন্মিছিল আৰু বৃক্কৰ কাৰ্য্যক্ষমতা বেয়া হৈ পৰিছিল। ভৰ্তি হোৱাৰ পৰাই তেওঁক ভেণ্টিলেটৰৰ সহায়ত মেনেজ কৰা হৈছিল। তেওঁ উপযুক্ত চিকিৎসাধীন হৈ আছিল আৰু তীক্ষ্ণ নিৰীক্ষণ কৰা হৈছিল।

ইয়াত কোৱা হৈছে যে ১১ ছেপ্তেম্বৰ তাৰিখে গুৰুতৰ নিউমোনিয়া আৰু ইয়াৰ জটিলতাত তেওঁৰ মৃত্যু হয় আৰু হৃদযন্ত্ৰ বন্ধ হোৱাৰ বাবে আজি পুৱতি নিশা ৩.১৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি