সময় থাকোতেই ‘Verification’ কৰক আপোনাৰ ভোটাৰ আই ডি, কেনেকৈ কৰিব এই কাম

NRC ত নাম অন্তৰ্ভুক্ত হোৱা সকলেও কৰিব লাগিব ভোটাৰ আই ডি Verification

News18-Assam
Updated:September 22, 2019, 6:53 AM IST
সময় থাকোতেই ‘Verification’ কৰক আপোনাৰ ভোটাৰ আই ডি, কেনেকৈ কৰিব এই কাম
NRC ত নাম অন্তৰ্ভুক্ত হোৱা সকলেও কৰিব লাগিব ভোটাৰ আই ডি Verification
News18-Assam
Updated: September 22, 2019, 6:53 AM IST
ভাৰতীয় নিৰ্বাচন আয়োগৰ ‘Electors Verification Programme’ অনুসৰি প্ৰত্যেক পৰিয়ালৰ এজনে লাভ কৰিব Username আৰু password। আৰু লোকজনে পৰিয়ালৰ আটাইকেইজনৰে ইলেক্টৰেল প্ৰছেচৰ লগত জড়িত সকলো তথ্য আপলোড কৰিব লাগিব ।

দেশৰ নিৰ্বাচন আয়োগৰ এই নতুন Electors Verification Programme (EVP) এ দেশৰ সকলো ভোটাৰৰে আপডেট ল’বলৈ গ্ৰহণ কৰিছে এই নতুন প্ৰদ্ধতি। এই নতুন প্ৰদ্ধতি মুকলি কৰা হয় ১ ছেপ্তেম্বৰত।  অহা ১৫ অক্টোবৰৰ ভিতৰত দেশৰ সকলো ভোটাৰে আপলোড কৰিব লাগিব নিজৰ সবিশেষ তথ্য।

 

অনলাইনৰ জৰিয়তে কিদৰে কৰিব

Log on কৰক ‘NVPS’ পৰ্টেল(nvps.in) বা Votes Helpinhg App। ইয়াৰ জৰিয়তে আপুনি নিজৰ নাম, পৰিয়ালৰ সবিশেষ, ঠিকনা উল্লেখ কৰিব পাৰিব। তাৰ পিছতে এখন ফৰ্ম পূৰণ কৰি পৰ্টেলটোত ‘Submit’ কৰিব লাগিব।

৬ আৰু ৭ নম্বৰ ফৰ্মখনৰ জৰিয়তে নাম ভুল থাকিলে শুদ্ধ কৰি আকৌ Submit কৰিব  পাৰিব।

 

সেইদৰে OFFLINE ৰ জৰিয়তেও কৰিব পৰা যাব Verification। প্ৰত্যেক সমষ্টিতে ইতিমধ্যে স্থাপন কৰা হৈছে NVPS ৰ কেন্দ্ৰ। যাৰ সহায়ত সমগ্ৰ প্ৰক্ৰিয়াটো শুদ্ধ কৈ কৰিব পৰাৰ সুবিধা আগবঢ়োৱা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি