কোৰোণা ভাইৰাছে দেশত এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে। কোৰোণাৰ দ্ৰুত সংক্ৰমণৰ ফলত বহুকেইখন ৰাজ্যৰ পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে। দুৰ্বিসহ হৈ পৰিছে মানুহৰ জীৱন প্ৰণালী। দেশৰ এনে এক জটিল পৰিস্থিতিত ইজনে আনজনলৈ আগবঢ়াইছে সহায়ৰ হাত। এই ক্ষেত্ৰত ছচিয়েল মিডিয়াইয়ো গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে।
কোৰোণাৰ এই পৰিস্থিতিত বহুসংখ্যক লোকৰ বাবে ঔষধ, অক্সিজেন, বেজী, চিকিৎসালয়ৰ বিচনাত তথ্য আৰু অধিক সম্পৰ্কে সহায় বিচৰা/প্ৰদান কৰাৰ মাধ্যমলৈ পৰিৱৰ্তিত হৈছে টুইটাৰ। বহুতে আনকি টুইটাৰত গ্ৰোচাৰী, ঔষধ বা তেওঁলোকৰ প্ৰয়োজন হ'ব পৰা যিকোনো বস্তু প্ৰদান কৰিবলৈ স্বেচ্ছাসেৱী হৈ পৰা দেখা গৈছে।
বহুলোকে এই ক্ষেত্ৰত দেখুৱাইছে আদৰ্শ। হিন্দুজা হস্পিটেল খাৰ (Hinduja Hospital Khar)ৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ স্নেহিল মিশ্ৰা (Dr Snehil Mishra)ই অলপতে এগৰাকী ৰোগীৰ পুত্ৰৰ মহানুভৱতাৰ কথা টুইটাৰযোগে উল্লেখ কৰিছিল। পেছাত পাচলি ব্যৱসায়ী ৰোগীজনৰ পুত্ৰই কোনো দুখীয়া লোকৰ বাবে চিকিৎসালয়ৰ ভেণ্টিলেটৰ বা যিকোনো চিকিৎসাজনিত ব্যয় নিয়ন্ত্ৰণ কৰিবলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰিছিল।
লোকজনে ডাক্তৰজনলৈ মেছেজ কৰি কৈছিল যে, 'হাস্পতালৰ ভেণ্টিলেটৰৰ খৰচ বহন কৰিব নোৱাৰা দুখীয়া ৰোগীৰ বাবে সহায়ৰ হাত আগবঢ়াব বিচাৰিছো। যাতে কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰো।'
ডাঃ মিশ্ৰাই ১৭ এপ্ৰিলত মানুহজনৰ পৰা পোৱা বাৰ্তাৰ এটা স্ক্ৰীণশ্বট পোষ্ট কৰিছিল আৰু তেওঁৰ টুইটটো ১২,০০০ তকৈও অধিক লোকে শ্বেয়াৰ কৰিছিল। এই সন্দৰ্ভত ডাঃ মিশ্ৰাই লগতে কয় যে, 'এনেধৰণৰ নীৰৱ নায়কসকলেই আমাৰ দেশক আগুৱাই নিছে। ৰাজনীতিবিদসকলে কেৱল ভালৰ কৃতিত্ব কেনেদৰে ল'ব লাগে সেয়াহে জানে আৰু বেয়াৰ বাবে আনক দোষ দিয়ে।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|