মণিপুৰত যোৱা ১৩ নবেম্বৰ ২০২১ত উগ্ৰপন্থীৰ ভয়াৱহ এম্বুচত শ্বহীদ হোৱা ৪৬ অসম ৰাইফলছৰ জোৱান খাটনাই কন্যাকৰ অন্তিম সৎকাৰ সোমবাৰে ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন হয়। নগালেণ্ডৰ মন জিলাৰ টিজিতৰ নিজ গাঁও জাংখামত বহুলোকৰ উপস্থিতিত সম্পন্ন কৰা হয় অন্তিম সৎকাৰ।
উল্লেখযোগ্য যে, সোমবাৰে সন্ধিয়া বিশেষ হেলিকপ্টাৰ যোগে নিজ গাঁৱলৈ অনা হৈছিল বীৰ শ্বহীদ জনৰ নশ্বৰ দেহ। এক শোকাকুল পৰিবেশৰ মাজেৰে অশ্ৰুশিক্ত নয়নেৰে টিজিত ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম ৰাইফলছ, ১৬৪ নাগা টি এ ৰেজিমেণ্টৰ লগতে নগালেণ্ডৰ মন জিলা প্ৰশাসন, নগালেণ্ড চৰকাৰৰ প্ৰতিনিধি আৰু গাঁৱবাসীয়ে শ্ৰদ্ধাঞ্জলি জনাই বীৰ শ্বহীদ জোৱান খাটনাই কন্যাকক।
শ্বহীদ খাটনাই কন্যাকে ইহসংসাৰত পত্নী আৰু এটি ছয়মহীয়া কন্যা সন্তান, জ্যেষ্ঠ আৰু কনিষ্ঠ ভাতৃ, ভগ্নী আৰু পিতৃ মাতৃক এৰি থৈ যায়।উল্লেখযোগ্য যে বীৰ শ্বহীদ খাটনাই কন্যাকৰ পৰিয়ালৰ ওপৰত দুখৰ সাৰগ ভাঙি পৰিছে যদিও এফালে দেশৰ হকে সৰ্বোচ্চ বলিদান দিয়া বাবে গৌৰৱান্বিত বুলি জনাইছে। বীৰ শ্বহীদ খাটনাই কন্যাকৰ পিতৃয়ে কয়, 'মোৰ আৰু দুগৰাকী সন্তান আছে প্ৰয়োজন হ'লে দেশৰ সেৱা আগবঢ়াবলৈ অসম ৰাইফলছক গটাই দিবলৈ সাজু আছো।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|