মুখ্যপৃষ্ঠা »খবৰ »দেশ »বাইক এম্বুলেঞ্চেৰে অসহায়ক সহায়ৰ হাত আগবঢ়াই আহিছে ২৪ বছৰীয়া অমনে

বাইক এম্বুলেঞ্চেৰে অসহায়ক সহায়ৰ হাত আগবঢ়াই আহিছে ২৪ বছৰীয়া অমনে

কোৰোণাৰ দ্বিতীয় ঢৌত বাৰাণসীৰ পৰিস্থিতি সমগ্ৰ দেশৰ দৰেই শোচনীয়।

কোৰোণাৰ দ্বিতীয় ঢৌত বাৰাণসীৰ পৰিস্থিতি সমগ্ৰ দেশৰ দৰেই শোচনীয়।

কোৰোণাৰ দ্বিতীয় ঢৌত বাৰাণসীৰ পৰিস্থিতি সমগ্ৰ দেশৰ দৰেই শোচনীয়।

  • Share this:
এটা পুৰণি চলচ্চিত্ৰৰ গীতৰ এটি কলি হৈছে - যাৰ কোনোৱেই নাই, ঈশ্বৰ তেওঁৰ হয়। কোৱা হয় যে ঈশ্বৰো কেতিয়াবা মানুহৰ ৰূপত সহায় কৰিবলৈ আহে। বাৰাণসীত (Varanasi) কোৰোণা কাল (COVID-19)ত এনে ধৰণৰে এক দৃশ্য দেখা গৈছে। এই সময়ছোৱাত কাৰোবাৰ কোৰোণা সংক্ৰমণ হ’লে আত্মীয়সকলো ওচৰলৈ আহিবলৈ ভয় কৰে। কিন্তু একেটা সময়তে কাশী (Kashi)ৰ এজন যুৱক অমন কবীৰক (Aman Kabir) প্ৰতিদিনে ঘাটৰ পৰা শ্মশানলৈকে, ৰাস্তাৰ পৰা চিকিৎসালয়লৈ মানুহক সহায় কৰা দেখা গৈছে। ডাঙৰ কথাটো হ'ল যে অমনে কোৰোণাত মৃত্যু হোৱা মৃতদেহবোৰ সৎকাৰ কৰি আছে।

কোৰোণাৰ দ্বিতীয় ঢৌত বাৰাণসীৰ পৰিস্থিতি সমগ্ৰ দেশৰ দৰেই শোচনীয়। হৰিশ্চন্দ্ৰ ঘাটত দীঘলীয়া শাৰী দেখা গৈছে, মণিকৰ্ণিকা ঘাটৰ পৰিস্থিতিও ভাল নহয়। কোৰোণা সংক্ৰমিত লোকসকলৰ মৃতদেহ হৰিশ্চন্দ্ৰ ঘাটত অন্ত্যেষ্টিক্ৰিয়া কৰা হয়।

এজন পিতৃৰ মৃত্যুৰ পিছত, যেতিয়া কোনেও তিনিগৰাকী অসুস্থ কন্যাক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল, তাত অমন উপস্থিত হৈছিল আৰু অন্ত্যেষ্টিক্ৰিয়াত সহায় কৰিছিল। কেৱল সেয়াই নহয়, য'তেই পৰিয়ালবিহীন মৃতদেহ দেখে, তাতেই ২৪ বছৰীয়া অমন আহি উপস্থিত হয়। অসহায়, নিপীড়িত লোকৰ পৰা আৰম্ভ কৰি জন্তুলৈকে সহানুভূতি আছে অমনৰ।

এটা ফোনত চলে বাইক এম্বুলেন্স
কেৱল সেয়াই নহয়, অমনে এখন বাইক এম্বুলেন্স ৰাখিছে য'ত তেওঁ কেইবাটাও যোগোযোগ নম্বৰ লিখি ৰাখিছে। তেওঁৰ নম্বৰত ফোন কৰা সকলক সহায় কৰে। তেওঁৰ মতে, তেওঁ এই কোৰোণা কালত এতিয়ালৈকে প্ৰায় ৪০০ লোকক সহায় কৰিছে। যেতিয়ালৈকে মোৰ জীৱন আছে, মই সহায় কৰি যাম, অমনে কয়।

শেহতীয়া বাতৰি