ভাৰতীয় ৰে'লৱেৰ ডাঙৰ ঘোষণা। পেৰিছৰ আইফেল টাৱাৰতকৈ ৩৫ মিটাৰ ওখ চেনাব দলঙত চলিব ভাৰতীয় ৰে'ল। উধমপুৰ-শ্ৰীনগৰ-বৰামুল্লা ৰে’ল প্ৰকল্পৰ অধীনত এই দলং নিৰ্মাণৰ বাবে ২৮ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে (Vande Bharat to run on World's highest railway bridge)।
বিশ্বৰ সৰ্বোচ্চ ৰে'ল দলংখনৰ মুঠ ১৭টা খুঁটা আছে। এই দলং নিৰ্মাণত ১৪৮৪ কোটি টকাৰ তীখা ব্যৱহাৰ কৰা হৈছে। যোৱা আগষ্ট মাহত চেনাব দলঙৰ সোণালী জইণ্ট সংযোজনৰ কাম সম্পূৰ্ণ হৈছিল। এইবাৰ অতি সোনকালে উদ্বোধন কৰা হ’ব।
এই দলঙত ৰে’লপথ স্থাপনৰ পূৰ্বে এইচ বিম স্থাপন কৰা হ’ব। এই H বিমটোত বহিব ৰে'লপথ। ইতিমধ্যে কলকাতাৰ পৰা ২৫০০ এইচ বিম নিয়া হৈছে ১৬০০ মিটাৰ ৰে'ল লাইন পাতিবলৈ। এই দলঙৰ জৰিয়তে কাশ্মীৰ আৰু ভাৰতৰ বাকী অংশৰ মাজত ৰে’ল যোগাযোগ স্থাপন কৰা হ’ব।
ৰে’ল মন্ত্ৰালয়ে ২০২৪ চনৰ ভিতৰত এই দলংখনত ৰে’ল যাতায়াত আৰম্ভ কৰিব বিচাৰিছে। খবৰ পোৱা গৈছে যে ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত এই দলংখন যিকোনো প্ৰাকৃতিক প্ৰতিকূলতাৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম। এই দলঙৰ তীখা ক্ৰ’মিয়াম, মেংগানিজকে ধৰি বিভিন্ন সামগ্ৰীৰে তৈয়াৰ কৰা হৈছে। ভাৰতীয় কোম্পানী জিন্দাল গ্ৰুপে এই দলঙৰ বাবে ৰে'ল লাইন নিৰ্মাণ কৰিছে।
এই দলং আৰু ৰেলপথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত দিল্লীৰ পৰা শ্ৰীনগৰলৈ পোনপটীয়া ৰে’লৰ ব্যৱস্থা হ’ব। ইফালে, শনিবাৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয় যে ২০২৪ চনৰ ভিতৰত জম্মু-কাশ্মীৰত বন্দে ভাৰত ৰে’ল মুকলি কৰা হ’ব। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ শেষৰ ফালে চেনাব দলঙৰ ওপৰেৰে ৰে’ল যাতায়াত আৰম্ভ হ’ব। ইফালে দলংখনত ৰে’ল লাইন স্থাপনৰ পূৰ্বে এইচ বিম স্থাপন কৰা হয়।
উল্লেখ্য, যোৱাবছৰ স্বাধীনতা দিৱসৰ পূৰ্বে সম্পূৰ্ণ হৈছিল চেনাব দলঙৰ সোণালী জইণ্ট। এই দলঙৰ মাজেৰে ১০০ কিলোমিটাৰ বেগেৰে ৰে’ল চলাচল কৰিব পাৰে। ইমান উচ্চতাত এনে এখন দলং ইয়াৰ আগতে কোনো দেশেই নিৰ্মাণ কৰা নাই। ৰে’লৰ কাম সম্পূৰ্ণ হ’লেই দিল্লীৰ পৰা শ্ৰীনগৰলৈ পোনপটীয়া ৰে’লত উঠি সাধাৰণ যাত্ৰীৰ লগতে পৰ্যটকসকল যাব পৰিব সপোনৰ কাশ্মীৰলৈ।
Published by: Gautam Barman
FIRST PUBLISHED : March 27, 2023, 11:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।