তেলেংগনাবাসীয়ে আজি 'বন্দে ভাৰত এক্সপ্ৰেছ'ৰ ৰূপত এটা ডাঙৰ উপহাৰ লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আজি অৰ্থাৎ ১৫ জানুৱাৰীৰ পুৱা ১০ বাজি ৩০ মিনিটত চেকেন্দ্ৰাবাদৰ পৰা বিশাখাপট্টনমলৈ সংযোগী 'বন্দে ভাৰত এক্সপ্ৰেছ' ৰে'লৰ ফ্লেগ অফ কৰিব। এই কাৰ্যসূচীৰ সময়ত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু তেলেংগানাৰ ৰাজ্যপাল টি সৌন্দৰৰাজন চেকেন্দ্ৰাবাদ ষ্টেচনত উপস্থিত থাকিব।
কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাৰে কয়, "এই দুজন তেলেগু ভাষী লোকক সংযোগ কৰিব পৰা এই বিশ্বমানৰ ৰে'লখন প্ৰদান কৰাৰ বাবে মই প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জনাইছো।" উল্লেখ্য যে, এই ৰেলখনে প্ৰায় ৮ ঘণ্টাৰ ভিতৰত চেকেন্দ্ৰাবাদ আৰু বিশাখাপট্টনমৰ মাজৰ দূৰত্ব অতিক্ৰম কৰিব। ৰে'লৱেৰ মতে, এই নতুন ৰে'লখনৰ পৰিচালনা ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। অৱশ্যে শনিবাৰৰ পৰা ইতিমধ্যে বুকিং আৰম্ভ হৈছে।
ৰে'লখনত ১৪ টা এচি ডবা আছে, লগতে ১,১২৮ জন যাত্ৰীয়ে এই ৰে'যলখনত যাত্ৰা কৰিবলৈ সক্ষম হ'ব। ভাৰতীয় ৰে'লৱেই কয় যে এইখন ৰে'লৱেৰ দ্বাৰা আৰম্ভ কৰা অষ্টম 'বন্দে ভাৰত এক্সপ্ৰেছ' ৰে'ল হ'ব। তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰায় ৭০০ কিলোমিটাৰ দূৰত্ব সংযোগ কৰা এইখন প্ৰথম ৰে'ল হ'ব। ইয়াৰ ষ্টপেজ বিশাখাপট্টনম, ৰাজমুন্দ্ৰী আৰু অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া ষ্টেচন আৰু তেলেংগানাৰ খাম্মাম, ৱাৰাংগল আৰু চেকেন্দ্ৰাবাদ ষ্টেচনত থাকিব।
মন কৰিবলগীয়া যে, 'বন্দে ভাৰত এক্সপ্ৰেছ' স্বদেশীভাৱে ডিজাইন কৰা হৈছে আৰু ইয়াত অত্যাধুনিক সা-সুবিধা আছে। ইয়াৰ লগতে, এই ৰে'লে যাত্ৰীসকলক এক দ্ৰুত, অধিক আৰামদায়ক আৰু অধিক সুবিধাজনক ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিব। এই ৰে'লখনে ৫২ ছেকেণ্ডত প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ গতি ধৰিব পাৰে। সকলো 'বন্দে ভাৰত ৰে'ল' সম্পূৰ্ণৰূপে শীততাপ নিয়ন্ত্ৰিত আৰু ইয়াত স্বয়ংক্ৰিয় দুৱাৰ আছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 15, 2023, 16:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।