বৰ্তমান চলি থকা কৃষক বিদ্ৰোহে ৫ সপ্তাহ অতিক্ৰম কৰিলে। বেছি সংখ্যক কৃষক পঞ্জাব আৰু হাৰিয়ানাৰ।
বৰ্তমান চলি থকা কৃষক বিদ্ৰোহে ৫ সপ্তাহ অতিক্ৰম কৰিলে। বেছি সংখ্যক কৃষক পঞ্জাব আৰু হাৰিয়ানাৰ।
কোৰোণা অতিমাৰীয়ে ২০২০ চনটোত বিশেষ ভাবে প্ৰভাৱ বিস্তাৰ কৰিছে। মানুহৰ দৈনিক জীবনধাৰণতো বহুখিনি পৰিৱৰ্তন আনিছে। ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাছৰ পৰা আৰম্ভ কৰি , ৱৰ্ক ফ্ৰম হোম, অনলাইন স্ৱাস্থ্য় বিধিকে আদি কৰি সকলোবোৰৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিছে। এই সময়ত টেলিকম চাৰ্ভিচ মানুহৰ জীবনৰ অংগ হৈ পৰিল।
বহু বিশ্লেষকৰ মতে, চীনা কোম্পানী যেনে হাবাই আৰু জেড টি ইয়ে 5G বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে । এই সেৱা বৰ্তমান চলি থকা সেৱাতকৈ ১০০ গুণ ফাষ্ট। চীনে 5G সেৱা চলিত বৰ্ষৰ আৰম্ভণিতে আৰম্ভ কৰিছিল। অক্টোবৰ মাহত ৰিলায়েন্সে 5G প্ৰযুক্তিৰ ট্ৰায়েল আৰম্ভ কৰিছে। জিঅই গুগ’লৰ সৈতে 5G সেৱা উপলৱ্ধ ফোনৰো পৰিকল্পনা কৰিছে।
বৰ্তমান চলি থকা কৃষক বিদ্ৰোহে ৫ সপ্তাহ অতিক্ৰম কৰিলে। বেছি সংখ্যক কৃষক পঞ্জাৱ আৰু হাৰিয়ানাৰ। বহুকেইটা ৰাজনৈতিক দল জড়িত হৈয়ো কৃষক বিদ্ৰোহক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে।
যি নহওক, কৃষকসকলৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে। কিন্তু ৰাস্তা ব্লক কৰি, ৰাজহুৱা পৰিবহণ ব্যাহত কৰাৰ অধিকাৰ তেওঁলোকৰ নাই। কৃষকৰ প্ৰতিবাদৰ কাৰণে দৈনিক ৩৫০০ কোটি টকা লোকচান হৈছে। আৰ্থিক ভাবে ক্ষতিগ্ৰস্ত হৈছে পঞ্জাৱ, হাৰিয়ানা, দিল্লী, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ।
অনুমান কৰা হৈছে যে, প্ৰতিবাদৰ বাবে ফাণ্ড যোগাৰ দিছে প্ৰ' খালিস্তানী অৰ্গেনাইজেশ্যনে। বৰ্তমান সময়ত একাংশ প্ৰতিবাদকাৰীয়ে ৰিলায়েন্স জিঅ'ৰ টাবাৰক লক্ষ্য কৰি লৈছে। ১৫০০টাতকৈও অধিক টাৱাৰ ধ্ৱংস কৰি দিয়া হৈছে পঞ্জাৱত। সেইদৰে কেব’ল বিচ্ছিন্ন কৰা হৈছে দেশৰ বিভিন্ন প্ৰান্তত। ই বিস্তাৰ ক্ষতি কৰিছে দেশৰ টেলিকম চেক্টৰক। ২৮ ডিচেম্বৰত পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা হাতত লৱলৈ নিৰ্দেশ দিছে।
এনেধৰণৰ সৰ্বাধিক ঘটনা সংঘটিত হৈছে ডাৱবা বেল্টত। যত সৰ্বাধিক প্ৰৱ্ৰজনকাৰীয়ে বাস কৰে। হয়টো এনেবোৰ কাৰ্যত চীনৰ একাংশ সংগঠনে ফাণ্ডিং কৰাৰো সম্ভাৱনা আছে।
(লেখক প্ৰাক্তন ডিৰেক্টৰ জেনেৰেল অব পুলিচ এণ্ড আই জি)
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|