உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Vaccination In India: ১১ কোটি লোকে এতিয়ালৈ লোৱা নাই কোৰোণাৰ দ্বিতীয় পালি ভেকচিন, কাৰণ বিচাৰিব চৰকাৰে!

    Vaccination In India: ১১ কোটি লোকে এতিয়ালৈ লোৱা নাই কোৰোণাৰ দ্বিতীয় পালি ভেকচিন, কাৰণ বিচাৰিব চৰকাৰে!

    বৈঠকখন এইবাবেই আয়োজন কৰা হৈছে কিয়নো চৰকাৰে কোভিড–১৯ৰ টিকাকৰণৰ জৰিয়তে মানুহে দ্বিতীয় পালি ভেকচিন নোলোৱাক লৈ চিন্তিত হৈ পৰিছে।

    বৈঠকখন এইবাবেই আয়োজন কৰা হৈছে কিয়নো চৰকাৰে কোভিড–১৯ৰ টিকাকৰণৰ জৰিয়তে মানুহে দ্বিতীয় পালি ভেকচিন নোলোৱাক লৈ চিন্তিত হৈ পৰিছে।

    বৈঠকখন এইবাবেই আয়োজন কৰা হৈছে কিয়নো চৰকাৰে কোভিড–১৯ৰ টিকাকৰণৰ জৰিয়তে মানুহে দ্বিতীয় পালি ভেকচিন নোলোৱাক লৈ চিন্তিত হৈ পৰিছে।

    • Share this:
    ১০০ কোটি টিকাকৰণ (100 Crore Vaccination) হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডভিয়াই (Mansukh Mandaviya) বুধবাৰে দিল্লীৰ বিজ্ঞান ভৱনত সকলো ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে এক বৈঠকৰ আয়োজন কৰিছে। এই বৈঠক সেই লোকসকলক কেন্দ্ৰ কৰি আয়োজন কৰা হৈছে যিসকলৰ দ্বিতীয় পালি ভেকচিন ল’বলৈ এতিয়াও বাকী আছে আৰু যিসকলে এতিয়ালৈ ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰা নাই।

    সূত্ৰ অনুসৰি, বৈঠকখন এইবাবেই আয়োজন কৰা হৈছে কিয়নো চৰকাৰে কোভিড–১৯ৰ টিকাকৰণৰ জৰিয়তে মানুহে দ্বিতীয় পালি ভেকচিন নোলোৱাক লৈ চিন্তিত হৈ পৰিছে। সূত্ৰ মতে, দেশত প্ৰায় ১১ কোটি লোকে দ্বিতীয় পালি ভেকচিন লোৱাৰ যোগ্য। ভেকচিনেচন চেণ্টাৰত ভেকচিন থকাৰ পিছতো এতিয়ালৈ তেওঁলোকে গ্ৰহণ কৰা নাই দ্বিতীয় পালি।

    সূত্ৰ মতে, এই বৈঠকৰ উদ্দেশ্য সকলো ৰাজ্যই টিকাকৰণৰ বাবে অনুপ্ৰাণিত কৰা। বৈঠকত ৰাজ্যসমূহক বিভিন্ন টিকাকৰণ অভিযানক উৎসাহিত কৰাৰ বাবেও কোৱা হ’ব। ভাৰতে ২১ অক্টোবৰত ১০০ কোটি ড’জ ভেকচিন প্ৰদান সম্পূৰ্ণ কৰে। এতিয়া চৰকাৰে বিচাৰিছে বাকী থকা যোগ্য লোকসকলেও এই ভেকচিন গ্ৰহণ কৰক।
    Published by:Sanjay Kumar Das
    First published: